গুৱাহাটী, 29 আগষ্ট :ৰাজ্যত ক’ভিড(Covid) ব্যৱস্থাপনা পৰিচালনাৰ ক্ষেত্ৰত জিলা প্ৰশাসনসমূহৰ জৰিয়তে হোৱা খৰচৰ অনাদায় ধন শীঘ্ৰেই আদায় দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । শনিবাৰে জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে হোৱা এক পৰ্যালোচনা বৈঠকত এই কথা সদৰী কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Keshab Mahanta) ৷
ক’ভিড অতিমাৰীৰ প্ৰথমটো ঢৌৰ সময়চোৱাত জিলা প্ৰশাসনসমূহৰ তদাৰকীত 2020-21 বিত্তীয় বৰ্ষত হোৱা খৰচৰ বাবদ দিবলৈ বাকী থকা বিল আগন্তুক এমাহৰ ভিতৰতে আদায় দিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰক্ৰিয়া আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে(Health Department) । বৈঠকত প্ৰতিখন জিলাতে 31 মাৰ্চ পৰ্যন্ত ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত হোৱা খৰচৰ অনাদায় অংশৰ বাবে বিতং বিৱৰণসহ বিল স্বাস্থ্য বিভাগক দুদিনৰ ভিতৰতে দাখিল কৰিবলৈ জিলাসমূহৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
ৰাজ্যৰ প্ৰতিখন জিলাৰে শেহতীয়া ক’ভিড পৰিস্থিতিৰ লগতে ক’ভিড প্ৰতিষেধক(Vaccine) প্ৰদান অভিযানৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে জৰুৰী নিৰ্দেশনা আগবঢ়ায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, শুকুৰবাৰে নিশা জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) স্বাস্থ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলক লৈ অনুষ্ঠিত কৰা এখন বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো ঢৌৰ সময়চোৱাত ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত জিলাসমূহত হোৱা ব্যয়ৰ অনাদায় ধন আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক দিহা প্ৰদান কৰে ।
এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী মহন্তই মুখ্যমন্ত্ৰীৰে হোৱা আলোচনা আৰু নিৰ্দেশনাৰ বিষয়ে শনিবাৰৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সযোগে উপায়ুক্তসকলক অৱগত কৰি দুদিনৰ ভিতৰতে প্ৰতিখন জিলাতে ক’ভিড ব্যৱস্থাপনাৰ বাবদ 31 মাৰ্চ পৰ্যন্ত হোৱা খৰচৰ অনাদায় ধনৰ পৰিমাণৰ সবিশেষ তথ্য আৰু বিল জৰুৰীভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ(NHM) ৰাজ্যিক অভিযান সঞ্চালকৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
স্বাস্থ্য বিভাগে আগন্তুক 30 ছেপ্তেম্বৰৰ ভিতৰতে প্ৰতিখন জিলাতে ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত জিলা প্ৰশাসনলৈ 31 মাৰ্চ পৰ্যন্ত আগবঢ়োৱা সেৱাৰ বাবদ যোগানকাৰী প্ৰতিষ্ঠানসমূহে পাব লগা ধনৰাশি সম্পূৰ্ণ আদায় দিয়াৰ ক্ষীপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি উপায়ুক্তসকলক জানিবলৈ দিয়ে ।