অসম

assam

ETV Bharat / state

গুৱাহাটীৰ আশ্ৰয় শিবিৰত ২৪ ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ - গুৱাহাটীৰ আশ্ৰয় শিবিৰ

বিগত দুদিনত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে মহানগৰবাসীৰ ৷ ফলত কামৰূপ(মহানগৰ) জিলা প্ৰশাসনে মুকলি কৰিছে আশ্ৰয় শিৱিৰৰ ৷ শিৱিৰসমূহত তাৎক্ষণিকভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health minister Keshab Mahanta)।

গুৱাহাটীৰ আশ্ৰয় শিবিৰত ২৪ ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ
গুৱাহাটীৰ আশ্ৰয় শিবিৰত ২৪ ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ

By

Published : Jun 15, 2022, 10:28 PM IST

গুৱাহাটী, ১৫ জুন: ভয়াৱহ কৃত্ৰিম বান আৰু ভূমিস্খলনৰ কৱলত পৰা গুৱাহাটী মহানগৰীত আশ্ৰয় শিৱিৰ তথা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলগীয়া হৈছে । কৃত্ৰিম বানৰ কৱলত থকা গুৱাহাটীত বিগত দুদিন ধৰি স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে (Artificial flood in Guwahati)।

গুৱাহাটীত শেহতীয়া কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত জিলা প্ৰশাসনে মুকলি কৰা সকলো সাহাৰ্য তথা আশ্ৰয় শিৱিৰত(Shelter camp in Guwahati) তাৎক্ষণিকভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰোৱাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health minister Keshab Mahanta)। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ লগতে মাণ্ডলিক তত্বাৱধায়কক তেওঁলোকৰ নিজ এলেকাত জিলা প্ৰশাসনে মুকলি কৰা শিৱিৰত দ্বায়িত্ব পালনৰ নিৰ্দেশ দিছে ৷

আজিৰে পৰাই দিনে নিশাই ভূমিস্খলন আৰু বান-দুৰ্গত লোকসকলক দিনে-নিশাই চিকিৎসা সেৱা আগঢ়োৱাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল নিয়োজিত কৰাৰ দায়িত্ব ন্যস্ত কৰিছে এইসকল বিষয়া-কৰ্মচাৰীক । স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ আধাৰত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি শিবিৰত থকা লোকসকলৰ বাবে প্ৰয়োজনীয় ঔষধ আদি বিনামূলীয়াকৈ উপলব্ধ কৰাবলৈও মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়কসকললৈ নিৰ্দেশনা আগবঢ়াইছে ।

প্ৰয়োজন সাপেক্ষে শিবিৰসমূহত অতিৰিক্ত চিকিৎসক-স্বাস্থ্যকৰ্মীও নিয়োজিত কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্দেশ দিছে । উল্লেখ্য যে মহানগৰীৰ ৰাজগড়স্থিত ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী বিদ্যালয়ত আশ্ৰয় শিৱিৰৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক:ৰুষ্ট প্ৰকৃতি: প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ৰাজ্য

ABOUT THE AUTHOR

...view details