গুৱাহাটী, 17 মেঃ গুৱাহাটীৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ লগে লগে উপস্থিত হোৱা দেখা গ'ল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।
মহানগৰীৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ লগে লগে মাজনিশা সৰুসজাইত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড-১৯ পজিটিভ ৰোগী দুগৰাকী চিকিৎসালয়লৈ অনাৰ কাম তদাৰক কৰে লগতে পৰিস্থিতিৰ বুজ লয় । দুয়োগৰাকীকে MMCH চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় । উল্লেখ্য যে, ইতিমধ্যে অসমত শনিবাৰে ৪ গৰাকী নতুন কোভিড পজিটিভ ৰোগী ধৰা পৰিছে।