গুৱাহাটী,16 জুলাইঃমহানগৰী গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰতিদিনে মহানগৰীত প্ৰায় 5শতাধিক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ ইয়াকে লৈ এতিয়া অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ মহানগৰীৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে নতুনকৈ নিৰ্মাণ কৰিবলৈ সাজু হৈছে আন এখন ক'ভিড 19 চিকিৎসালয় ৷
আগন্তুক আগষ্ট মাহ ভয়ংকৰ হ'ব ৰাজ্যবাসীৰ বাবেঃহিমন্ত বিশ্ব শৰ্মা - কৰ'ণা ভাইৰাছ
ক'ভিড 19 চিকিৎসালয়খনত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা কৰিবলৈ থাকিব 50 জনীয়া চিকিৎসকৰ দল ৷ ইয়াৰ উপৰি অতি শীঘ্ৰে গুৱাহাটীত 4 টাকৈ নতুন ক'ভিড 19 চিকিৎসা চেণ্টাৰ নিৰ্মাণ কৰা হ'ব ৷ যাৰ বাবে স্বাস্থ্য বিভাগে সাজু কৰিব 10 হাজাৰ খন বিচনা ৷

এই সন্দৰ্ভত আজি গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী শিক্ষা প্ৰতিষ্ঠানত নিৰ্মাণ কৰি থকা ৯০০ খন বিচনাযুক্ত ক'ভিড 19 চিকিৎসালয়ৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী শৰ্মাই নিৰ্মীয়মাণ ক'ভিড 19 চিকিৎসালয়খন পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, শিক্ষানুষ্ঠানখনত নিৰ্মাণ হৈ থকা ক'ভিড 19 চিকিৎসালয়খনত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা কৰিবলৈ থাকিব 50 জনীয়া চিকিৎসকৰ দল ৷ ইয়াৰ উপৰি অতি শীঘ্ৰে গুৱাহাটীত 4 টাকৈ নতুন ক'ভিড 19 চিকিৎসা চেণ্টাৰ নিৰ্মাণ কৰা হ'ব ৷ যাৰ বাবে স্বাস্থ্য বিভাগে সাজু কৰিব 10 হাজাৰ খন বিচনা ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে,গুৱাহাটী মহানগৰীত ক'ভিড19 ৰ সংক্ৰমণৰ হাৰ 16ৰ পৰা 18 শতাংশ ৷ আগষ্ট মাহত 3 লাখ স্বাৱ পৰীক্ষা সম্পন্ন কৰা হ'ব বুলি উল্লেখ কৰি আগষ্ট মাহটো সকলোৰে বাবে ভয়ংকৰ হ'ব বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়কঃ সাহায্য নাই : আশ্ৰয় শিবিৰত হাহাকাৰ কৰিছে বন্যাৰ্তই