অসম

assam

ETV Bharat / state

প্রধানমন্ত্ৰী মোডীৰ ওপজা দিন উপলক্ষে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান - বিজেপিৰ ‘সেৱা সপ্তাহ’ কাৰ্যসূচী

প্রধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে বিজেপিৰ ‘সেৱা সপ্তাহ’ কাৰ্যসূচীৰ অংশস্বৰূপে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান কৰে ৷

হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান

By

Published : Sep 14, 2019, 10:37 AM IST

গুৱাহাটী, 14 ছেপ্টেম্বৰঃশনিবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৰক্তদান কৰে ৷ বিজেপিৰ সেৱা সপ্তাহ কাৰ্যসূচী উপলক্ষে ৰক্তদান কৰে মন্ত্ৰীজনে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন উপলক্ষে সমগ্ৰ দেশতে বিজেপিৰ সেৱা সপ্তাহ কাৰ্যসূচী পালন কৰা হৈছে৷ 14-20 ছেপ্টেম্বৰ লৈ অনুষ্ঠিত হ'ব লগীয়া এই সেৱা সপ্তাহত বিজেপিয়ে চিকিৎসালয়ৰ ৰোগী সকলৰ বাবে বিনামূলীয়া ফলমূল বিতৰণ, ঔষধ বিতৰণ, ৰক্তদান শিবিৰসহ আন কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী হাতত লৈছে । ইফালে এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপিৰ কৰ্মকর্তা সকলে হেঙেৰাবাৰীৰ কাৰ্বি যুৱ সংঘৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগীয়া আন এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ৷ আনহাতে শনিবাৰে পুৱাই বিজেপিৰ সেৱা সপ্তাহ অভিযানৰ অংশ হিচাপে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কাৰ্যবাহী অধ্যক্ষ জে.পি নাড্ডাই চাফা কৰিলে এইমছৰ মজিয়া ৷ লগতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে দান কৰিলে ৬ মাহৰ দৰমহা ৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান

উল্লেখযোগ্য যে, অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। বিজেপিয়ে সমগ্ৰ দেশতেই প্ৰধানমন্ত্ৰী মোডীৰ ৬৯ সংখ্যক জন্মদিন উপলক্ষে ‘সেৱা সপ্তাহ’ ৰূপে পালন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰস্তুতি চলাইছে।

ABOUT THE AUTHOR

...view details