অসম

assam

ETV Bharat / state

অধিক অৱনতি ঘটিছে অখিল গগৈৰ স্বাস্থ্য - অখিল গগৈ

পত্নীক সাক্ষাৎ কৰিবলৈও বিছনাৰ পৰা উঠি আহিব নোৱাৰিলে কৃষক নেতাগৰাকীয়ে ৷

HEALTH CONDITION OF AKHIL GOGOI IS CRITICAL
অধিক অৱনতি ঘটিছে অখিল গগৈৰ স্বাস্থ্য

By

Published : Mar 3, 2020, 6:46 PM IST

গুৱাহাটী, 3 মাৰ্চঃ কাৰাগাৰত গুৰুত্বভাৱে অসুস্থ অখিল গগৈ। পত্নীক সাক্ষাৎ কৰিবলৈও কাৰাগাৰৰ বিছনাৰ পৰাই উঠি আহিব নোৱাৰিলে কৃষক নেতাগৰাকী ।

গুৰুত্বৰ ভাৱে অসুস্থ কৃষক নেতা অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ আহি আৱেগিক হৈ পৰিল পত্নী গিতাশ্ৰী তামুলী । যোৱা চাৰিদিন ধৰি বিছনাৰ পৰা উঠিব নোৱৰা গগৈক সাক্ষাৎ কৰিবলৈ মঙলবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছিল পত্নী । প্ৰায় এঘণ্টা স্বামীৰ বাবে অপেক্ষা কৰাৰ পিছতো অখিল গগৈয়ে লগ কৰিবলৈ ওলাই আহিব নোৱাৰিলে পত্নী গিতাশ্ৰী তামুলীক।

অধিক অৱনতি ঘটিছে অখিল গগৈৰ স্বাস্থ্য
কাৰাগাৰৰ পৰা ওলাই আহি পত্নী গিতাশ্ৰী তামুলীয়ে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কয় যে, লগ ধৰিব আহিছিল যদিও সাৎক্ষা কৰিব নোৱাৰিলে স্বামীয়ে । কাৰাগাৰৰ ভিতৰত অসুস্থ হৈ পৰা অখিল গগৈক GMCH লৈ আহোতেই শেষবাৰৰ বাবে তেওঁ দেখিছিল বুলি মন্তব্য কৰে গীতাশ্ৰীয়ে । পত্নীয়ে জানিবলৈ দিয়া অনুসৰি জ্বৰ আৰু কঁকালৰ বিষত গুৰুতৰভাৱে আক্রান্ত হৈ বিগত শনিবাৰৰ পৰা বিছনা পৰা উঠিব পৰা নাই অখিল গগৈ।

ABOUT THE AUTHOR

...view details