টীয়ক, 28 জুলাইঃৰাজ্যৰ বিগত ভয়াৱহ বানত জুৰুলা হোৱা বানাক্ৰান্তক সাহায্য সামগ্ৰী বিতৰণ আৰু বানৰ পাছত জনস্বাস্থ্য সম্বন্ধীয় দিশত লাগতিয়াল দিহা-পৰামৰ্শ আৰু সজাগতাৰে কিছু সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, বেচৰকাৰী সংস্থা তথা স্বেচ্ছাসেৱী সংগঠনে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে সাহায্য সামগ্ৰী তথা আয়োজন কৰিছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷
যোৰহাট জিলা কৰ্মচাৰী পৰিষদ আৰু টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত যোৰহাট জিলা চিকিৎসা সেৱা সন্থা ,টীয়ক প্ৰেছ ক্লাৱ আৰু জাঁজীমুখ জনজাগৰণ মঞ্চৰ সহযোগত বিনামূলীয়া ঔষধ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ জাঁজীমুখ প্লেটফৰ্মৰ সমীপত বজাৰ গৃহত আয়োজন কৰা হয় । বানৰ পাছত হ'ব পৰা সংক্ৰামক ৰোগ প্ৰতিৰোধ, তেজ পৰীক্ষাৰ লগতে স্বাস্থ্য সম্বন্ধীয় সজাগতা অনাৰ উদ্দেশ্যে এই শিবিৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।অঞ্চলটোৰ প্ৰায় তিনি শতাধিক ৰাইজে অংশগ্ৰহণ কৰা এই শিবিৰত জ্বৰ, পানী লগা, তেজ আদি বিনামূলীয়া পৰীক্ষা তথা ঔষধ বিতৰণ কৰা পৰিলক্ষিত হৈছে ।