অসম

assam

অসম আৰোগ্য নিধিলৈ এমাহৰ দৰমহা আগবঢ়াই হায়াত হাস্পাতালৰ কৰ্মচাৰীয়ে

By

Published : May 15, 2020, 9:01 PM IST

অসম আৰোগ্য নিধিলৈ এদিনৰ দৰমহা আগবঢ়ালে হায়াত হাস্পতালৰ সমূহ কৰ্মচাৰীয়ে । শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত হায়াত হাস্পতালৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়াই চেকৰ মাধ্যমেৰে অৰ্পণ কৰে এই অনুদানৰ ধন ।

কৰ'ণা ভাইৰাছ
অসম আৰোগ্য নিধিলৈ এমাহৰ দৰমহা আগবঢ়াই হায়াত হাস্পাতালৰ কৰ্মচাৰীয়ে

গুৱাহাটী, ১৫ মে': দেশত ভয়াৱহ হাৰত বৃদ্ধি পাই আছে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ। শেহতীয়াকৈ মহানগৰ গুৱাহাটীতো COVID-19 আক্ৰান্ত লোক চিহ্নিত হোৱাত গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে এক আতংকৰ পৰিৱেশ সৃষ্টি হৈছে । এনে দুৰ্যোগৰ সময়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হায়াত হাস্পতালৰ কৰ্মচাৰীসকলে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে এদিনৰ দৰমহা ।

অসম আৰোগ্য নিধিলৈ এমাহৰ দৰমহা আগবঢ়াই হায়াত হাস্পাতালৰ কৰ্মচাৰীয়ে

শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত হায়াত হাস্পতালৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়াই চেকৰ মাধ্যমেৰে অৰ্পণ কৰে এই অনুদানৰ ধন । ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহৰ ভিতৰত অন্যতম হায়াত হাস্পতালৰ মহাপ্ৰন্ধক পৰাগজ্যোতি দত্তই জনোৱা অনুসৰি অসম আৰোগ্য নিধিলৈ কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা ১০ লাখ টকা আগবঢ়োৱা হয় ।

আনহাতে, ব্যক্তিগত খণ্ডৰ এখন হাস্পতালৰ কৰ্মচাৰীসকলে এদিনৰ দৰমহা ১০ লাখ টকাৰ অনুদান আগবঢ়োৱাত কৰ্মচাৰীসকলৰ লগতে কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ABOUT THE AUTHOR

...view details