অসম

assam

একলা দুকলাকৈ ছামচিনাৰ সপোনে লৈছে বাস্তব ৰূপ....

By

Published : Mar 29, 2020, 6:19 PM IST

Updated : Mar 31, 2020, 6:58 AM IST

কেইবছৰমান পূৰ্বে ছামচিনা লস্কৰৰ জ্যেষ্ঠ ভগ্নী পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক সাৱটি লৈছিল। আৰ্থিক অৱস্থা ভাল নোহোৱা বাবেই ছামচিনাই হেৰুৱাবলগীয়া হৈছিল নিজ ভগ্নীক। সেইসময়চোৱাৰে পৰা এনেদৰে দুৰ্ঘটনাত পতিত হোৱা দৰিদ্ৰ ৰোগীৰ বাবে কিবা এটা কৰাৰ হেপাহ ছামচিনাৰ।

হস্তশিল্পৰে দৰিদ্ৰ ৰোগীক সহায় কৰাৰ সপোন এগৰাকী যুৱতীৰ
হস্তশিল্পৰে দৰিদ্ৰ ৰোগীক সহায় কৰাৰ সপোন এগৰাকী যুৱতীৰ

গুৱাহাটী, 29 মাৰ্চ : মহানগৰীৰ সিজুবাৰীৰ এগৰাকী চিকিৎসক। চিকিৎসা প্ৰদানৰ লগতে যুৱতীগৰাকীয়ে সাজি ওলিয়ািচে বহু হস্তশিল্প। মহানগৰীৰ হায়াট হাস্পতালৰ চিকিৎসক ছামচিনা লস্কৰ। হাস্পতালত চিকিৎসা প্ৰদানৰ উপৰিও আজৰি সময়ত এনেদৰেই উদ্ভাসিত কৰিছে নিজৰ প্ৰতিভা। আনুষ্ঠানিক কোনো প্ৰশিক্ষণ নল'লেও ইন্টাৰনেটৰ মাধ্যমেৰে ৰেজিন আৰ্ট প্ৰস্তুতকৰণৰ কাম শিকিছে চিকিৎসকগৰাকীয়ে। ছামচিনা লস্কৰে এতিয়া ঘড়ী, ট্ৰে, লেম্প, ঘৰ সজোৱা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে। বিগত ছয়মাহৰ পৰা সামগ্ৰী প্ৰস্তুত কৰি আহিছে ড. ছামচিনাই।

ৰেজিন আৰ্টৰ প্ৰস্তুতকৰণৰ অন্তৰালত ছামচিনাৰ আছে এটা মহৎ উদ্দেশ্যে। কেইবছৰমান পূৰ্বে ছামচিনা লস্কৰৰ জ্যেষ্ঠ ভগ্নী পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক সাৱটি লৈছিল। আৰ্থিক অৱস্থা ভাল নোহোৱা বাবেই ছামচিনাই হেৰুৱাবলগীয়া হৈছিল নিজ ভগ্নীক। সেইসময়চোৱাৰে পৰা এনেদৰে দুৰ্ঘটনাত পতিত হোৱা দৰিদ্ৰ ৰোগীৰ বাবে কিবা এটা কৰাৰ হেপাহ ছামচিনাৰ। সেয়ে চিকিৎসা প্ৰদানৰ লগতে তেখেতে আৰম্ভ কৰিছে হস্তশিল্পৰ কাম। হস্তনিৰ্মিত সামগ্ৰী বিক্ৰী কৰি ধনখিনি জমা কৰি গৈছে ভগ্নীৰ নামত আৰম্ভ কৰা ফাউণ্ডেশ্যনটোত। আনলৈ বাট নাচায় নিজৰ শক্তি সামৰ্থৰে আগবাঢ়িছে ছামচিনা ৷ কেৱল পৰিকল্পনা অথবা ভাষণ নহয় ছামচিনাৰ সপোনে লৈছে বাস্তৱ ৰূপ ৷ বহুদিনৰ পৰা মনতে পুহি ৰখা সপোনটোৱে এতিয়া পাহি মেলিছে একলা দুকলাকৈ ৷ ছামচিনাৰ এই প্ৰচেষ্টাত আপুনিও সহযোগী হওক...

হস্তশিল্পৰে দৰিদ্ৰ ৰোগীক সহায় কৰাৰ সপোন এগৰাকী যুৱতীৰ

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে ৰিপুণ বৰা আৰু তেওঁৰ পত্নীয়ে

Last Updated : Mar 31, 2020, 6:58 AM IST

ABOUT THE AUTHOR

...view details