গুৱাহাটী, 22 নৱেম্বৰ :পুনৰ গুৱাহাটী মহানগৰীত চুপাৰি ব্যৱসায়ীৰ হাতৰ পৰা উদ্ধাৰ হ’ল ডেৰ কোটিতকৈয়ো অধিক টকা ৷ সচৰাচৰ হোৱাৰ দৰে মহানগৰীৰ ব্যস্ত ব্যৱসায়িক অঞ্চল আঠগাঁৱৰ পৰাই এই বিশাল পৰিমাণৰ ধনখিনি উদ্ধাৰ কৰা হয় ৷ আঠগাঁৱৰ এম এছ ৰোডত অভিযান চলাই আয়কৰ বিভাগে এই ধনখিনি উদ্ধাৰ কৰাৰ লগতে এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰকো উৎখাত কৰে ৷ সন্দেহ কৰা হৈছে, এই হাৱালা চক্ৰটোৱে বিগত দীৰ্ঘসময় ধৰি এইদৰে বেআইনীভাৱে কোটি কোটি টকাৰ লেনদেন কৰি আহিছিল ৷
আয়কৰ বিভাগে অভিযান চলাই এম এছ ৰোডত উৎখাত কৰা এই চক্ৰটোৰ সৈতে জড়িত দুজন লোককো আটক কৰে ৷ লোক দুজন হৈছে ৰাজস্থানৰ দেৱকৰণ সেন (27) আৰু মনোজ কুমাৰ (47) ৷ দুয়োৰে পৰা উদ্ধাৰ কৰা ধনৰ পৰিমাণ হৈছে প্ৰায় 1,69,70,000 টকা ৷ আশ্চৰ্যজনক কথাটো হ’ল আঠগাঁৱৰ এম এছ ৰোডৰ জমীৰ আহমেদ নামৰ লোকজনৰ ঘৰৰ দ্বিতীয় মহলাত ভাড়াতীয়া হিচাপে আছিল ৰাজস্থানৰ এই লোক দুজন ৷ এই ঘৰটোৰ পৰাই সুদীৰ্ঘ সময় ধৰি দুয়োৱে চলাই গৈছিল চাহপাত আৰু চুপাৰিৰ ব্যৱসায় ৷