অসম

assam

ETV Bharat / state

Hath se Hath jodo yatra : আৰম্ভ হ’ল কংগ্ৰেছৰ হাথ সে হাথ জোড়ো যাত্ৰা - দিহিং পাটকাই অভয়াৰণ্যত ধ্বংস যজ্ঞ চলিছে

প্ৰধানমন্ত্ৰীৰ মন কী বাত নহয়, এইবাৰ ৰাজ্যবাসীৰ মনৰ কথা বুজ ল’ব কংগ্ৰেছে ৷ যাৰ বাবে আজিৰে পৰা কংগ্ৰেছে আৰম্ভ কৰিছে হাথ সে হাথ জোড়ো যাত্ৰা ৷ গুৱাহাটীত আৰম্ভ হোৱা হাথ সে হাথ জোড়ো যাত্ৰাৰ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Hath se Hath jodo yatra began in Guwahati) ৷

Hath se Hath jodo yatra began in Guwahati
ৰাজ্যবাসীৰ মনৰ কথা বুজ ল’ব কংগ্ৰেছে

By

Published : Jan 26, 2023, 1:42 PM IST

ৰাজ্যবাসীৰ মনৰ কথা বুজ ল’ব কংগ্ৰেছে

গুৱাহাটী, 26 জানুৱাৰী :কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Congress Bharat Jodo Yatra) পিচতে বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছে অসমত আৰম্ভ কৰে হাথ সে হাথ জোড়ো যাত্ৰা (Hath se Hath jodo yatra began) । এই উপলক্ষে বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হয় হাথ সে হাথ জড়ো যাত্ৰা । এই হাথ সে হাথ যাত্ৰাৰ কাৰ্যসূচীত কংগ্ৰেছৰ নেতা শৰৎ বৰকটকী, অকণ বৰাকে আদি কৰি বহু কংগ্ৰেছৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পুৱা 8:30 বজাত গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পতাকা উত্তোলন কৰে (Bhupen Kumar Borah hoists the National Flag on Republic Day 2023) । পতাকা উত্তোলনৰ পিচত ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC President Bhupen kumar Borah) নেতৃত্বত আৰম্ভ হয় হাথ সে হাথ জড়ো যাত্ৰা ।

গণৰাজ্য দিৱসৰ শুভক্ষণত দেশজুৰি আৰম্ভ হোৱা হাথ সে হাথ জোড়ো অভিযান গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন জিলাটো শুভাৰম্ভ কৰা হয় । এই উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিচতে সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈ হাথ সে হাথ জোড়ো পদযাত্ৰা কাৰ্যসূচী আৰম্ভ হয় ৷ এই পদযাত্ৰাৰ কালচোৱাত বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বিভিন্ন স্তৰৰ ৰাইজৰ মনৰ কথা বুজ লোৱাৰ প্ৰয়াস কৰে ।

লগতে পঢ়ক :Republic Day 2023: নগাঁৱত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ৰণোজ পেগুৰ

এই কাৰ্যসূচীৰ শেষত গণেশগুৰিৰ জি এম চি বজাৰত গুৱাহাটী মহানগৰ জিলা ইয়ং ব্ৰিগেডৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত বিনামূলীয়া ব্লেংকেট বিতৰণ কৰা হয় । য’ত উপস্থিত থাকে ভূপেন কুমাৰ বৰাৰ লগতে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি তথা গুৱাহাটী লোকসভা সমষ্টিৰ তত্বাৱধায়ক নৱ তালুকদাৰ প্ৰমুখ্যে কেইবাগৰাকীও কংগ্ৰেছ নেতা ৷

এই কাৰ্যসূচীত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘দেশ আৰু ৰাজ্যত স্বেচ্ছাচাৰী শাসন চলিছে । ভাৰতীয়ক দুভাগ কৰাৰ চেষ্টা চলাই থকা হৈছে । বৰ্তমান ৰাজ্যত অপ-শাসন চলি আছে’’ । লগতে তেওঁ দিহিং পাটকাই সন্দৰ্ভতো নিজৰ মন্তব্য ব্যক্ত কৰে ৷ তেওঁ কয়, ‘‘বৰ্তমান দিহিং পাটকাই অভয়াৰণ্যত ধ্বংস যজ্ঞ চলিছে’’ ।

তেওঁ আৰু কয়, ‘‘য’ত কয়লা খনন বা বন ধ্বংসৰ অনুমতি নাই ৷ নাইবা য’ত আৰ্মিয়ে কাঠৰ গাড়ী ধৰে 16 খন আৰু দিছপুৰৰ নিৰ্দেশত আঞ্চলিক বন বিষয়াই এৰি দিয়ে, এই কথা বিলাক গণৰাজ্যৰ দিনা আলোচনা কৰিব লগাতো অতি দুৰ্ভাগ্যজনক’’ ৷ ‘‘চৰকাৰৰ এই কামৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ স্বাৰ্থত আৰম্ভ কৰা হৈছে এই যাত্ৰা’’ - সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

লগতে তেওঁ উল্লেখ কৰে যে, এই যাত্ৰাৰ জৰিয়তে ৰাজ্যৰ 35 লাখ মানুহৰ কাষ চপা হ’ব । আগন্তুক দুমাহলৈ সমগ্ৰ অসমত হাথ সে হাথ জোড়ো যাত্ৰা চলিব ।

লগতে পঢ়ক :PM’s message on Republic Day: দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details