গুৱাহাটী, ২৭ জুলাই :ৰাজ্যত নিতৌ চলি আছে হত্যা-ধৰ্ষণৰ ঘটনা (Crime in Assam)। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শোচনীয় অৱস্থান অসমৰ । বিভিন্ন সময়ত বিভিন্ন স্থানত ধৰ্ষণ তথা নিৰ্যাতনৰ চিকাৰ হৈ আহিছে নাৰীসকল । এইবাৰ ৰাজ্যত সংঘটিত হৈছে বহিঃৰাজ্যৰ এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা । গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Rape case in Guwahati) ।
গুৱাহাটী মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিল আমবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । ভাড়াঘৰত থকা হায়দৰাবাদৰ এগৰাকী যুৱতীক (২২) ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে হাৰিয়ানাৰ এজন যুৱকৰ বিৰুদ্ধে (Haryana youth alleged rape) । ফটাশিল আমবাৰীৰ আৰ কে চৌধুৰী পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো (Attempt to murder case)।
অভিযোগ অনুসৰি, সুধীৰ চৌধুৰী (২৬) নামৰ যুৱকজনে যুৱতীগৰাকীক ভাড়াঘৰলৈ মাতি আনি চাৰি দিন ধৰি ভাড়াঘৰত আবদ্ধ কৰি ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে (hyderabad girl raped in Guwahati) । অৱশ্যে সৌভাগ্যক্ৰমে যুৱতীগৰাকীয়ে কিবা প্ৰকাৰে পলায়ন কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীয়ে গৈ মঙলবাৰে ভৰলুমুখ আৰক্ষী থানাতযুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।