গুৱাহাটী, 20 ডিচেম্বৰঃ শুকুৰবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত হৰিশ ৰাৱত, তৰুণ গগৈৰ নেতৃত্বত সংবাদমেল । সংবাদমেল সম্বোধন কৰি হৰিশ ৰাৱতে কয় যে, "অসমৰ মানুহৰ ভাৱনাক বুজি সদনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ দলে । সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ বাবে ক্ষতিকাৰক এই নাগৰিকত্ব সংশোধনী আইন ৷" সদনত সংখ্যা গৰিষ্ঠতা লাভ কৰিলে এই নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ আশ্বাস প্ৰদান কৰে হৰিশ ৰাৱতে । এই আন্দোলনৰ লগত সদায় কংগ্ৰেছ থকাৰ কথাও স্পষ্ট কৰে ৰাৱতে । লগতে মুখ্যমন্ত্ৰীয়ে দিল্লীৰ আগত কাৰ আনুগত্য তাক প্ৰমাণৰ প্ৰতিযোগিতাত থকা বুলিও মত ব্যক্ত ৰাৱতৰ ।
অসমবাসী সাম্প্ৰদায়িক নহয়ঃ তৰুণ গগৈ - tarun gogoi
অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত দুষ্কৃতিকাৰী আৰু কংগ্ৰেছ জড়িত থকাৰ কথা বিজেপি চৰকাৰে কৈ থকাৰ পিছত তৰুণ গগৈৰ প্ৰত্যুত্তৰ দিয়ে সোণোৱাল চৰকাৰলৈ ৷ আছু , এ জে ৱাই চি পি , সাহিত্যক শিল্পী সকলো দুষ্কৃতিকাৰী নেকি বুলি বিজেপি চৰকাৰক প্ৰশ্ন কৰে তৰুণ গগৈয়ে
আনহাতে, সংবাদমেলত তৰুণ গগৈ কয় যে, অসমবাসী সাম্প্ৰদায়িক নহয় । নাগৰিকত্ব সংশোধনী আইনত ধৰ্মীয় নিৰ্যাতনৰ কথা উল্লেখ নাই বুলি কলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰেপৰি অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত দুষ্কৃতিকাৰী আৰু কংগ্ৰেছ জড়িত থকাৰ কথা বিজেপি চৰকাৰে কৈ থকাৰ পিছত তৰুণ গগৈৰ প্ৰত্যুত্তৰ দিয়ে সোণোৱাল চৰকাৰলৈ ৷ আছু , এ জে ৱাই চি পি , সাহিত্যক শিল্পী সকলো দুষ্কৃতিকাৰী নেকি বুলি শাসনাধীস্থ বিজপি চৰকাৰলৈ প্ৰশ্ন কৰে তৰুণ গগৈয়ে ৷
লগতে পঢ়কঃ উন্নাও ধৰ্ষণ গোচৰৰ অভিযুক্ত ছেংগাৰৰ ৰায়দান