গুৱাহাটী, ১৪ নৱেম্বৰঃগুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়িবলৈ সপোন পুহি ৰখা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানৰ এখন প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে শুৱালকুছিত। আজি ১৪ নবেম্বৰ শিশু দিৱস, এই শিশু দিৱসৰ দিনটোতেই বস্ত্ৰনগৰী শুৱালকুছি ন কৈ গঢ়ি উঠা স্পৰ্টছ একাডেমী অব শুৱালকুছিৰ উদ্যোগত তথা শুৱালকুছি TICS ৰ সহযোগত শিশু সকলৰ মাজত খেলৰ জৰিয়তে শিশু দিৱস উদযাপন কৰে।
পুৱা শুৱালকুছি খেলপথাৰত স্পৰ্টছ একাডেমী অব শুৱালকুছি আৰু দামপুৰ ড্ৰীম ফুটবল একাডেমীৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। খেলখন উদ্বোধন কৰে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি বাপুকন আলীয়ে। উক্ত খেলখনত দামপুৰ ড্ৰীম ফুটবল একাডেমীয়ে ১-০ গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখন পৰিচালনা কৰে ধৰনী দাস, তপেশ কুমাৰ আৰু লাচিত দাসে।