অসম

assam

ETV Bharat / state

Har Shikhar Tricolor: ২৮ খন ৰাজ্যৰ সৰ্বোচ্চ শিখৰত 'হৰ শিখৰ ত্ৰিৰংগা' অভিযান নিমাছৰ

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি নিমাছৰ ২৫ জনীয়া এটা পৰ্বতাৰোহীৰ দলে ৰচিলে ইতিহাস । নেচনেল ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্প'ৰ্টছৰ সঞ্চালকে সদৰী কৰিলে এই অভিযানৰ কথা ।

Azadi Ka Amrit Mahotsav
আজাদী কা অমৃত মহোৎসৱ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:41 PM IST

আজাদী কা অমৃত মহোৎসৱ

গুৱাহাটী,১৭ অক্টোবৰ: অৰুণাচল প্ৰদেশৰ ডিৰাং উপত্যকাত অৱস্থিত ভাৰতৰ অন্যতম উন্নত দুঃসাহসিক প্ৰতিষ্ঠান নিমাছে (National Institute of Mountaineering and Adventure Sports)'হৰ শিখৰ ত্ৰিৰংগা' অভিযান সম্পূৰ্ণ কৰি ইতিহাস ৰচিলে । আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে মিছন 'হৰ শিখৰ ত্ৰিৰংগা'ৰ জৰিয়তে দেশৰ ২৮ খন ৰাজ্যৰ সৰ্বোচ্চ শিখৰত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে নিমাছৰ ২৫ জনীয়া এটা পৰ্বতাৰোহীৰ দলে । এই বিষয়ে সদৰী কৰিছে নেচনেল ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্প'ৰ্টছৰ সঞ্চালক ৰণবীৰ সিং জামৱালে ।

নেচনেল ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্প'ৰ্টছৰ সঞ্চালক ৰণবীৰ সিং জামৱালে এই সন্দৰ্ভত কয় যে এই অভিযানে যোৱা এবছৰত প্ৰায় ৩০,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি দেশৰ ২৮ খন ৰাজ্য সামৰি লৈছে । যাৰ ফলত ই এক অতি অনন্য আৰু ঐতিহাসিক অভিযান হিচাপে পৰিগণিত হয় । আৰু দেশৰ দুঃসাহসিক ইতিহাসত স্থান দখল কৰে বুলিও তেওঁ উল্লেখ কৰে । ২০২২ ৰ অক্টোবৰ পৰা আৰম্ভ হোৱা এই অভিযান প্ৰথম পৰ্যায়ত উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ সৰ্বোচ্চ শিখৰ কৰা হয় । ১৬ অক্টোবৰত অৰুণাচল প্ৰদেশৰ মাউণ্ট গোৰিচেন (৬৫০৯ মিটাৰ ),নাগালেণ্ডৰ মাউণ্ট চাৰামতি (৩৮৪২মিটাৰ) মণিপুৰ মাউণ্ট ইছ’(২৯৯৪ মিটাৰ), অসমৰ মাউণ্ট টুমজাং (১৮৬২মিটাৰ), মিজোৰাম মাউণ্ট ফাংপুই (২১৮৫মিটাৰ ) ত্ৰিপুৰা মাউণ্ট বেল্টিংচিপ (৯১৬ মিটাৰ) মেঘালয়ৰ শ্বিলং পিক (১৫২৫ মিটাৰ) শিখৰত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

ইপিনে, দ্বিতীয় পৰ্যায়ত ২০২৩ চনৰ মে'ত হিমাচল প্ৰদেশৰ পৰা দলটোৱে অভিযান আৰম্ভ কৰে । যোৱা ১১ ছেপ্টেম্বৰত তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ হয় । ছিকিমৰ মাউণ্ট জংছঙত ইয়াৰ (৭৪৬২মিটাৰ) সামৰণি পৰে । নেচনেল ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্প'ৰ্টছৰ সঞ্চালক ৰণবীৰ সিং জামৱালে এই সন্দৰ্ভত কয় যে উক্ত অভিযানত দলটোৱে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । ইমান সহজ নাছিল অভিযান । হৰ শিখৰ ত্ৰিৰংগা অভিযানৰ পৰিকল্পনা কৰোতে তিনি মাহ সময়ৰ প্ৰয়োজন হৈছিল বুলি তেওঁ কয় ।

লগতে পঢ়ক:Jayanta Malla Baruah slams Congress: কংগ্ৰেছৰ নেতাসকলে ডাঙৰ ডাঙৰ আকাংক্ষা লৈ জীয়াই আছে: জয়ন্ত মল্ল

ABOUT THE AUTHOR

...view details