গুৱাহাটী, ২২ মে’:সোমবাৰে ঘোষিত 2022-23 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহানগৰীৰ ৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ মহানগৰীৰ ছেইন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অসম জাতীয় বিদ্যালয়, কাহিলীপাৰা জাতীয় বিদ্যালয় আৰু হেপ্পী চাইল্ড স্কুলৰ মুঠ ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম ৰাজ্যৰ শীৰ্ষস্থানত ৰাখিবলৈ সক্ষম হয় ৷ মহানগৰীৰ এই কৃতী ছাত্ৰকেইজনৰ সাফল্যত এতিয়া গৌৰম্বাৱিত হৈ পৰিছে মহানগৰবাসীও (HSLC Results 2023) ৷
মহানগৰীৰ হেপ্পী চাইল্ড হাইস্কুলৰ ছাত্ৰ অনন্ত জৈনে সৰ্বমুঠ ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে (Happy Child High School, Guwahati) । কৃতী ছাত্ৰজনে সংবাদ মাধ্যমৰ আগত দৈনিক নিয়মীয়াকৈ ৩-৪ ঘন্টা অধ্যয়ন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত কৰি অধ্যয়ন কৰি পৰৱৰ্তী সময়ত ইঞ্জিনীয়াৰিং বিভাগত অধ্যয়ন কৰিব । ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱা সপোন অনন্তৰ ।