অসম

assam

ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ফাঁচিকাঠত ওলমিছে মন্ত্ৰী-বিধায়কৰ প্ৰতিমূৰ্তি - hang on protest against cab

কেবক লৈ অশান্ত হৈছে সমগ্ৰ ৰাজ্য ৷ ক্ৰমাৎ তীব্ৰ ৰূপ লৈছে কেব বিৰোধী আন্দোলনে ৷ শিক্ষানুষ্ঠানত নিষিদ্ধ কৰা হৈছে মন্ত্ৰী বিধায়কৰ প্ৰৱেশ ৷ মন্ত্ৰী বিধায়কৰ প্ৰতিমূৰ্তি ফাঁচীকাঠত ওলোমাই ক্ষোভ উজাৰিছে ছাত্ৰ সমাজে ৷

hang on protest in all over assam against cab
ফাঁচী কাঠত গণতন্ত্ৰৰ ৰক্ষক

By

Published : Dec 9, 2019, 10:19 PM IST


নিউজ ডেক্স , 9 ডিচেম্বৰঃলোক সভাত উত্থাপন কৰা হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৷ বিৰোধীৰ তুমুল বিৰোধিতা সত্বেও গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৷ ৰাজ্যত ক্ৰমাৎ অধিক তীব্ৰতৰ হৈছে সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীৰ ৰোষত পৰিছে মন্ত্ৰী বিধায়ক সাংসদৰ পৰা আৰম্ভ কৰি চৰকাৰী পক্ষৰ সকলো বিষয়া আমোলা ৷ সাৰি যোৱা নাই জাতিৰ সংকট কালত জাতিৰ লগত থিয় নোহোৱা শিল্পী সাহিত্যিকো ৷ ক'ৰবাত যদি প্ৰতিবাদকাৰীৰ ভয়ত স্থলপথ এৰি আকাশী পথ ল'ব লগা হৈছে মুখ্যমন্ত্ৰীয়ে ৷ কোনো ঠাইত ক'লা পতকাৰ ভয়ত আধাতে সভাকক্ষ এৰি পলাব লগা হৈছে মন্ত্ৰীয়ে ৷ ক'ৰবাত যদি প্ৰতিবাদকাৰীয়ে গৃহবন্দী কৰি ৰাখিছে জন প্ৰতিনিধিক , ক'ৰবাত ৰাজপথতেই প্ৰতিবাদকাৰীয়ে আগচিছে সংশোধনী বিধেয়কৰ সমৰ্থনকাৰী শিল্পীক ৷ ৰাজ্যৰ ঠায়ে ঠায়ে ফাঁচিকাঠত ওলমিছে চৰকাৰী মন্ত্ৰী বিধায়কৰ প্ৰতিমূৰ্তি ৷

ফাঁচী কাঠত গণতন্ত্ৰৰ ৰক্ষক

উত্তৰ পূবৰ ৰাইজৰ চৰম অসন্তুষ্টি আৰু প্ৰতিবাদ সত্বেও আজি লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আকোঁৰগোঁজ নীতিৰে উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ এনে পৰিস্থিতিত পৰবৰ্তী সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌঃ বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details