অসম

assam

ETV Bharat / state

ৰাজ্যৰ ৮ গৰাকী মহিয়সী নাৰীলৈ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ বিশেষ সন্মান

নাৰী দিৱসৰ দিনটোতে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ৰাজ্যৰ ৮ গৰাকী মহিয়সী নাৰীক বিশেষ বঁটা প্ৰদানৰ কথা ঘোষণা কৰে । নিৰ্বাচনৰ ফলাফলৰ পিছতে সংস্থাই মহিলা কেইগৰাকীক প্ৰদান কৰিব বঁটা ।

By

Published : Mar 9, 2021, 2:29 PM IST

ৰাজ্যৰ ৮ গৰাকী মহিয়সী নাৰীলৈ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ বিশেষ সন্মান
ৰাজ্যৰ ৮ গৰাকী মহিয়সী নাৰীলৈ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ বিশেষ সন্মান

গুৱাহাটী, ৯মাৰ্চ:আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই দিশপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰে । সংবাদমেলৰ জৰিয়তে বিশেষ সন্মান প্ৰদান কৰাৰ বাবে ৰাজ্যৰ ৮ গৰাকী মহিয়সী নাৰীৰ নাম ঘোষণা কৰে । সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে জনোৱা মতে সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলাসকলে কাম কৰি আছে, তেওঁলোকেও সমাজৰ স্বীকৃতি পোৱাটো দৰকাৰ । প্ৰতিবন্ধীসকলৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত নাৰীয়ে বহু ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে । যাৰ স্বীকৃতিস্বৰূপে ৰাজ্যৰ ৮ গৰাকী নাৰীক সন্মান প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা কৰে সম্পাদকগৰাকীয়ে । বৰ্তমান যিহেতু নিৰ্বাচনৰ বতৰ সেয়েহে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত গুৱাহাটীত এটি অনুষ্ঠান আয়োজিত কৰি বঁটা প্ৰদান কৰাৰ কথা সদৰি কৰে সম্পাদকগৰাকীয়ে ।

ৰাজ্যৰ ৮ গৰাকী মহিয়সী নাৰীলৈ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ বিশেষ সন্মান

সংবাদমেলত ৬ টা শাখাত ঘোষণা কৰা মহিলাসকল ক্ৰমে সমাজসেৱা বিভাগৰ শিশু সাৰথিৰ কাৰ্যবাহী সঞ্চালক কেতেকী বৰদলৈ, শিক্ষা ক্ষেত্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দিপিকা চৌধুৰী, স্বাস্থ্য খণ্ডৰ যুটীয়াভাৱে আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ নৱনীতা বৰুৱা, ইনষ্টিটিউত অৱ হিউমেন ৰি-প্ৰডাকচন, গুৱাহাটীৰ চিকিৎসক ডাঃ স্বাতী জালান, সামৰিক সেৱাত নিয়োজিত উপ-আৰক্ষী অধীক্ষক পাহাৰী কোঁৱৰ, অসামৰিক সেৱাত যুটীয়াভাৱে যোৰহাটৰ উপায়ুক্ত ৰোচনী অপৰাঞ্জী কৰাত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত আয়ুক্ত দ্বীতিমণি পেগু আৰু ক্ৰীড়া ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৰাখী গগৈ ।

উল্লেখ্য যে এইবছৰৰ পৰা সংস্থাটোৱে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনা বিভিন্ন শিতানত কাম কৰি থকা প্ৰতিবন্ধী ব্যক্তিসকলক সন্মানিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদমেলত সম্পাদক মালাকাৰে লগতে জানিবলৈ দিয়ে ।


লগতে পঢ়ক:আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

For All Latest Updates

ABOUT THE AUTHOR

...view details