গুৱাহাটী, 20 অক্টোবৰ : বাঘজানৰ জুইয়ে সৰ্বহাৰা কৰা বাঘজানবাসীৰ ক্ষতিপূৰণৰ দাবীত সোমবাৰৰ পৰা বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত মহানগৰীৰ চচলস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলীত বাঘজানবাসীয়ে তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীৰ দ্বিতীয় দিন মঙলবাৰেও প্ৰতিবাদকাৰীসকলে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
মঙলবাৰৰ কাৰ্যসূচীত বাঘজানবাসীক সংগ দিয়ে দিয়ে অসম গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰে । বাঘজান কাণ্ডই 146 দিন অতিক্রম কৰাৰ পিচতো জুই নির্বাপন কৰিব নোৱাৰাৰ লগতে বাঘজানবাসী ৰাইজে আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ ৷ লগতে বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘই পূর্বৰ পৰা কৰি অহা দাবী সমূহৰ উপৰিও মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা প্রতিশ্রুতি সমূহো আজি পর্যন্ত কার্যকৰী নোহোৱাৰ অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংঘৰ সদস্য সকলে ।