অসম

assam

ETV Bharat / state

গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰীৰ ৷ কিয়নো আত্মসমৰ্পন কৰা এন এল এফ বি নামৰ বড়োভূমিৰ উগ্ৰপন্থী সংগঠনটোৰ নেতা এম বাথাই "নিয়া"ৰ ওচৰত দিয়া এক স্বীকাৰোক্তিৰ ভিত্তিতেই হাগ্ৰামা মহিলাৰীৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

hagrama mahilari may be arrest
গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

By

Published : Nov 10, 2021, 5:37 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ :কথাতে কয় নহয় বোলে, একালৰ বৃন্দাবন একালত পৰে চন । ঠিক এনে দশাই হৈছে এতিয়া একালৰ মহাপ্ৰতাপী ৰাজনৈতিক নেতা, বি টি চিৰ প্ৰাক্তন মুৰব্বী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ । যিকোনো মুহূৰ্ততে "নিয়া"ই ধৰি বান্ধি গ্ৰেপ্তাৰ কৰি নিয়াৰ আশংকাত সম্প্ৰতি পেটতে হাত ভৰি লুকুৱাৰ অৱস্থা হৈছে বাহুবলী নেতা গৰাকীৰ ।

ইতিমধ্যে আত্মসমৰ্পন কৰা এন এল এফ বি নামৰ বড়োভূমিৰ উগ্ৰপন্থী সংগঠনটোৰ নেতা এম বাথাই "নিয়া"ৰ ওচৰত দিয়া এক স্বীকাৰোক্তিৰ ভিত্তিতেই হাগ্ৰামা মহিলাৰীৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । মন কৰিবলগীয়া যে, এন ডি এফ বিৰ সৈতে দিল্লীয়ে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত বড়োভূমিত ভূমিষ্ঠ হৈছিল এন এল এফ বি নামৰ নতুন উগ্ৰপন্থী সংগঠনটো । নেতৃত্বত আছিল এম বাথা ।

গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

সেই সময়তে ঘুনুক ঘানাককৈ চৰ্চা চলিছিল যে এন এল এল বিৰ জন্মৰ আঁৰত আছে হাগ্ৰামা মহিলাৰী । পৰৱৰ্তী সময়ত সদলবলে বাথাই আত্মসমৰ্পন কৰে । আত্মসমৰ্পনৰ পিছত "নিয়া"ই একাধিকবাৰ বাথাক জেৰা কৰিছে ৷ এই জেৰাত বাথাই এক বিস্ফোৰক স্বীকাৰোক্তি দিছে যে, তেওঁ ডেজিগনেটেড কেম্পত থকাৰ সময়ত হাগ্ৰামা মহিলাৰীৰ আত্মীয়ই তেওঁক পলুৱাই নিছিল ।

নিয়াৰ জেৰাৰ মুখামুখি এম বাথা

ফলত এতিয়া হাগ্ৰামা মহিলাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই প্ৰকট হৈছে । চতুৰ হাগ্ৰামাই এনেধৰণৰ বিপদৰ গোন্ধ পায়েই বাৰম্বাৰ বিজেপিয়ে আঁতৰাই পঠিওৱাৰ পিছতো উপযাচি বিজেপিৰ কাষ চাপিবলৈ চেষ্টা চলাই আছে । আনকি সদ্য-সমাপ্ত উপ-নিৰ্বাচনতো বিজেপিয়ে নিবিচৰা স্বত্বেও হাগ্ৰামা মহিলাৰীয়ে ভবানীপুৰত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল ।

লগতে পঢ়ক :নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে বিজেপি

ABOUT THE AUTHOR

...view details