অসম

assam

ETV Bharat / state

ড৹ হাছিনুচ চুলতানৰ কবিতা পুথি 'কাৰ বাবে লিখিছোঁ কবিতা' উন্মোচন - কাৰ বাবে লিখিছোঁ কবিতা উন্মোচন

অনুবাদক ড৹ হাছিনুচ চুলতানৰ কাব্য সংকলন 'কাৰ বাবে লিখিছোঁ কবিতা' অনুষ্ঠানিকভাৱে উন্মোচিত হয় (Hachinus Sultan's poetry book release) ৷ উন্মোচন অনুষ্ঠানত উপস্থিত থাকি বিভিন্ন জনৰ প্ৰশংসা ৷

Hachinus Sultan's poetry book release
ড৹ হাছিনুচ চুলতানৰ কবিতা পুথি 'কাৰ বাবে লিখিছোঁ কবিতা' উন্মোচন

By

Published : Dec 30, 2021, 10:16 PM IST

গুৱাহাটী, 30 ডিচেম্বৰ : গুৱাহাটী প্ৰেছ ক্লাবত অসম কবি চক্ৰৰ দ্বাৰা আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবি অনুবাদক ড৹ হাছিনুচ চুলতানৰ কাব্য সংকলন 'কাৰ বাবে লিখিছোঁ কবিতা' বৃহস্পতিবাৰে অনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় (New Assamese poetry book release) । গ্ৰন্থখন উন্মোচন কৰে মনজিৎ সিং, সাহিত্য অকাডেমি বঁটা বিজয়ী অনুবাদক বিপুল দেউৰী (Sahitya academy award winner Bipul Deori) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক লেখক আব্দুল মান্নান, বিপুল শৰ্মা আৰু বিশিষ্ট ব্যৱসায়ী ইমদাদ আলীয়ে ।

গ্ৰন্থখন উন্মোচন কৰি মনজিৎ সিঙে কয় যে, সৰল আৰু উপজীৱ্য ভাষাত ড৹ হাছিনুচ চুলতানে কবিতা লিখিছে ৷ কবিতাৰ ভাষাত মানৱীয় আবেদন পৰিস্ফুট বুলি উল্লেখ কৰে মনজিৎ সিঙে ৷ কবিতাত ক্ৰমাৎ হেৰাই যাব ধৰা মানৱদৰদী দায়বদ্ধ আৰু প্ৰতিবাদী কণ্ঠ হাছিনুচ চুলতানৰ কবিতাত বলিষ্ঠভাৱে প্ৰতিভাত হৈছে । তেওঁৰ বৰ্ণিল কেনভাচখনত কবিতা নান্দনিক শব্দচয়নৰ অন্তহীন খেল হৈ থকা নাই, বৰং তাত তেওঁৰ নিভাঁজ হৃদয় আৰু মনীষাৰ অভিব্যক্তি পীড়িত মানুহৰ মুকুতিৰ গভীৰ আকূতি হৈ ৰসোত্তীৰ্ণ হৈছে বুলি কয় উন্মোচক মনজিৎ সিঙে ৷

আন এগৰাকী উন্মোচক সাহিত্য অকাডেমী বিজয়ী লেখক বিপুল দেউৰীয়ে কয় ড৹ হাছিনুচ চুলতানৰ কবিতাত কৃত্ৰিমতা নাই ৷ সৰলকৈ লিখিছে কবিতাবোৰ ৷ তেওঁৰ কবিতাত মানুহৰ সুখ-দুখৰ বৰ্ণনা উল্লেখ আছে বুলিও উল্লেখ কৰে বিপুল দেউৰীয়ে ৷ সভাখনত অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান উপস্থিত থাকি কবি গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷ অসম কবি চক্ৰৰ সাধাৰণ সম্পাদক জমিৰ উদ্দিন তালুকদাৰৰ উদ্বোধনী ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে অসম কবি চক্ৰৰ নাৰীকণ্ঠৰ সমন্বয়ক বেবীৰাজ ৰাজখোৱাই ।

লগতে পঢ়ক :আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

ABOUT THE AUTHOR

...view details