গুৱাহাটী, ২২ নৱেম্বৰ: ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম সংখ্যালঘু উন্নয়ন পৰিষদ(Assam Minority Development Board)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হাবিব মহম্মদ চৌধুৰী(Habib Mohammed Chowdhury)য়ে সোমবাৰে অসম আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণ কৰি পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে কয় যে, তেওঁ সংখ্যালঘু সমাজৰ বিশেষকৈ নাৰী শক্তি আৰু নাৰী শিক্ষা(Women Education)ৰ উন্নতিৰ বাবে কাম কৰিব । তেওঁ লগতে কয়- "মই সংখ্যালঘু সমাজৰ লোকসকলৰ মাজলৈ গৈ তেওঁলোকৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিম । মুখ্যমন্ত্ৰীৰ ওচৰত এই সমস্যাবোৰ তুলি ধৰাৰ প্ৰয়াস কৰিম" ।
তেওঁ লগতে কয় যে তেওঁ সংখ্যালঘু(Minority) সমাজৰ উন্নতিৰ বাবে সততাৰে কাম কৰি যাব । দুৰ্নীতি(Corruption)ৰ লগত কোনোধৰণৰ আপোচ কৰা নহ'ব বুলি পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে । ইপিনে, বিদায়ী তথা অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ মমিনুল আৱালে(Syed Maminul Awal) পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীক অভিনন্দন জনায় কয় যে, ৰাজ্য চৰকাৰে হাবিব মহম্মদ চৌধুৰীৰ দৰে যোগ্য ব্যক্তিক সংখ্যালঘুৰ উন্নয়নৰ কামৰ বাবে নিয়োগ কৰিছে । তেওঁ কয় যে, তেওঁ ২০১৭ চনত অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লোৱাৰ সময়ত বহু দুৰ্নীতিৰ অভিযোগ পাইছিল ।