গুৱাহাটী, 9 ডিচেম্বৰ :বিশিষ্ট উদ্যোগপতি তথা প্ৰতিষ্ঠিত ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীক বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ গুৱাহাটী প্ৰেছ ক্লাবৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়েই নতুন কাৰ্যকৰী সমিতিয়ে পৰিকল্পনা কৰিছিল প্ৰেছ ক্লাবৰ আন্তঃগাঁঠনি উন্নত আৰু পুনৰনিৰ্মাণ । এই লক্ষ্যক সম্পূৰ্ণ ৰূপ দিবলৈ আগবাঢ়ি আহিছিল বিশিষ্ট উদ্যোগপতি তথা প্ৰতিষ্ঠিত ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী । JF Foundation For Humanityৰ বেনাৰত হাবিব মহম্মদ চৌধুৰীয়ে আঠ লাখ টকা ব্যয় সাপেক্ষে গুৱাহাটী প্ৰেছ ক্লাৱৰ পুনঃনিৰ্মাণ আৰু আন্তঃগাঁঠনি উন্নয়নৰ কাম সম্পূৰ্ণ কৰে । যাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে হাবিব মহম্মদ চৌধুৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
প্ৰতিষ্ঠিত ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীক গুৱাহাটী প্ৰেছ ক্লাব কৰ্তৃপক্ষৰ সম্বৰ্ধনা - Guwahati Press Club
বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে বিশিষ্ট উদ্যোগপতি তথা প্ৰতিষ্ঠিত ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীক ৷ গুৱাহাটী প্ৰেছ ক্লাবৰ আন্তঃগাঁঠনি উন্নত আৰু পুনৰনিৰ্মাণৰ বাবে JF Foundation For Humanityৰ বেনাৰত ব্যৱসায়ীজনে আঠ লাখ টকা ব্যয় কৰে ৷
উল্লেখ্য যে, এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ,পৰাগ মণি আদিত্য, প্ৰাণজিত শইকীয়া, অনুপম নাথ, সুনীল বৰা, গালিবুৰ ৰহমানসহ প্ৰেছ ক্লাবৰ সদস্যসকল । লাউছৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীয়ে বিদেশত থাকিও অসমৰ দৰিদ্ৰ জনতাৰ হকে কাম কৰি আহিছে । ল'ক ডাউন আৰু বানপানীৰ সময়চোৱাত আৰ্তজনৰ থিয় দিছিল হাবিব মহম্মদ চৌধুৰী আৰু তেখেতৰ স্বেচ্ছাসেৱী সংস্থা JF ফাউণ্ডেশ্বনে।
লগতে পঢ়ক:ইটিভি ভাৰতত বাতৰি প্ৰকাশৰ পাচতে ৰাইজে পালে বিদ্যুতৰ পকী খুঁটা