অসম

assam

ETV Bharat / state

মহানগৰীত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ যুৱতী - দেৱীনা বৰুৱা

পুৱতি নিশা মহানগৰীৰ ৰুক্মিণীনগৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ ৰুক্মিণী নগৰ নামঘৰ পথৰ হাউছ নম্বৰ ৭ত এগৰাকী তেজেৰে লুতুৰি পুতুৰি হৈ থকা যুৱতী উদ্ধাৰ।

মহানগৰীত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অবস্থাত উদ্ধাৰ যুৱতী

By

Published : Aug 7, 2019, 6:32 PM IST

Updated : Aug 7, 2019, 7:19 PM IST

মহালগৰীত,7 আগষ্ট : পুৱতি নিশা মহানগৰীৰ ৰুক্মিণীনগৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ ৰুক্মিণী নগৰ নামঘৰ পথৰ হাউছ নম্বৰ ৭ত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতী। নিজ ঘৰৰ বিচনাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পৰি আছিল দেৱীনা বৰুৱা নামৰ যুৱতীগৰাকী ৷ দেৱীনা বৰুৱাৰ মূৰত প্ৰহাৰ কৰি পলায়ন কৰে আক্ৰমণকাৰীয়ে ৷ বৰ্তমান অতি সংকটজনক অৱস্থাত দিশপুৰ জি এন আৰ চিৰ আই চি ইউত ভৰ্তি হৈ আছে যুৱতীগৰাকী। ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। কোনো সম্বন্ধীয় লোকে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ । কিয়নো আক্ৰমণকাৰীয়ে কেৱল যুৱতীগৰাকীকেই আক্ৰমণ কৰাৰ বাবে আহিছিল । সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত। ঘটনাটোৰ সকলো দিশ পৰ্যবেক্ষণ কৰি ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াইছে বুলি জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

মহানগৰীত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অবস্থাত উদ্ধাৰ যুৱতী
Last Updated : Aug 7, 2019, 7:19 PM IST

ABOUT THE AUTHOR

...view details