গুৱাহাটী,24অক্টোবৰঃ আজি মহাষ্টমী ৷ মহাষ্টমী উপলক্ষে মহানগৰীৰ প্ৰতিখন পূজা মন্দপতে ভক্তগণৰ আশানুৰূপ উপস্থিতি পৰিলক্ষিত হ’ল ৷ দেৱী মহিষমৰ্দিনীৰ ওচৰত সেৱা আগবঢ়াই আশীষধন্য হ’বলৈ প্ৰতিখন পূজা মণ্ডপতেই দেখা গ’ল ভক্তৰ লানি নিচিঙা ভীৰ ৷ মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ত মহাষ্টমী উপলক্ষে পুৱাৰে পৰা ভক্তৰ অভূতপূৰ্ব সমাগম দেখা পোৱা গ’ল ৷ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ক’ভিডৰ কঠোৰ নীতি নিয়মৰ মাজেৰে উগ্ৰতাৰা দেৱালয় কৰ্তৃপক্ষই এইবাৰ সম্পন্ন কৰিছে পূজা ৷ দেৱালয়ৰ মূল প্ৰৱেশ পথতেই দেৱালয় কৰ্তৃপক্ষই ভক্তসকলৰ বাবে থাৰ্মেল স্কেনিঙৰ লগতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱস্থা কৰিছে ৷
ইয়াৰোপৰি পূৰ্বৰ দৰে এইবাৰ উগ্ৰতাৰা দেৱালয়ত দেখা নাযাব কোনো বিশেষ বলী বিধান ৷ মাত্ৰ দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা নৱমীৰ দিনা এটা ম’হ বলী দিয়াৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা কৰি আন পাঁচবিধ বলী যেনে কোমোৰা, কচু, হাঁহ, ছাগলী আৰু পা’ৰ আদিৰ বলী সম্পন্ন কৰিব ৷ মহানগৰীৰ আন এখন পূজা সমিতি দ্বাৰকা নগৰ হৰিমন্দিৰ ৷ দ্বাৰকানগৰ হৰিমন্দিৰ কৰ্তৃপক্ষই স্থায়ী মণ্ডপত অতি গাম্ভীৰ্যপূৰ্ণ ভাৱে সমাপন কৰিছে পূজা ৷