অসম

assam

ETV Bharat / state

Deepor Beel: অৱহেলিত দীপৰ‌ বিল; দীপৰ‌ বিলৰ‌ উন্নয়ন সম্পৰ্কত বিধানসভাত সাত বছৰে একেটা উত্তৰ - পশ্চিম গুৱাহাটী সমষ্টি

দীপৰ বিলৰ পৰ্যটন কেন্দ্ৰ হিচাবে গঢ়ি তোলাত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে ৷ ইয়াকে লৈ ক্ষোভিত পশ্চিম গুৱাহাটী সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷ সৱিশেষ পঢ়ক...

Deepor Beel
Deepor Beel

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 5:03 PM IST

গুৱাহাটী, 16 ছেপ্টেম্বৰ:গুৱাহাটীৰ হৃদপিণ্ড স্বৰূপ দীপৰ বিলক সংৰক্ষণ আৰু উন্নয়নৰ বাবে কোনো এখন চৰকাৰে গুৰুত্ব দিয়া‌ নাই । যাৰ বাবে ৰামছাৰ‌ স্থান‌ হিচাপে চিহ্নিত দীপৰ বিল‌ ধ্বংসৰ দিশে গতি‌ কৰিছে ।‌

বছৰ বছৰ ধৰি ৰাজ্য চৰকাৰে দীপৰ‌ বিলৰ‌ বাবে বিভিন্ন পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰে । কিন্তু সময়ত সেইবোৰ‌ কাৰ্যকৰী নহয় । লক্ষণীয় যে যোৱা সাতটা বছৰত একেৰাহে দুবাৰকৈ বিধায়ক হোৱা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই তেওঁৰ‌ সমষ্টিৰ অন্তৰ্গত দীপৰ বিলৰ উন্নয়নৰ সম্পৰ্কত প্ৰতিটো বিধানসভা অধিৱেশনত প্ৰশ্ন কৰে যদিও এই‌ প্ৰশ্নৰ সদোত্তৰ আজিলৈকে পোৱা‌ নাই বুলি শেহতীয়া বিধানসভাৰ‌ শৰৎকালীন‌ অধিৱেশনত আক্ষেপ প্ৰকাশ কৰে ।

বিধানসভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোধা প্ৰশ্নৰ উত্তৰ

১১ ছেপ্টেম্বৰত বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনা প্ৰশ্নোত্তৰ কালত পশ্চিম গুৱাহাটী সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দীপৰ বিলৰ পৰ্যটন উন্নয়নৰ ব্যৱস্থা সম্পর্কত প্রশ্ন উত্থাপন কৰিছিল ।‌

বিধানসভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোধা প্ৰশ্নৰ উত্তৰ

কিন্তু বিভাগীয় মন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত কলিতাই‌ অসন্তুষ্টি প্ৰকাশ‌ কৰিছিল । তেওঁ কৈছিল, ‘‘একেটাই প্রশ্ন অসম বিধানসভাত ৭ বছৰ ধৰি উত্থাপন কৰি আছোঁ । প্রতি বছৰেই বিভাগীয় মন্ত্ৰীয়ে সেই একেই উত্তৰ দিয়ে ।’’ কলিতাক সমৰ্থন‌ জনাই বিৰোধী দল কংগ্ৰেছৰ একাংশ‌ বিধায়ক আৰু ৰাইজৰ দলৰ বিধায়ক‌ অখিল গগৈয়ে কিয় এনে হৈছে বুলি প্ৰশ্ন তুলি সদন কমিটী গঠন কৰি পৰীক্ষা কৰিব লাগে বুলি দাবী কৰে ।

ইফালে, দীপৰ বিলত পৰ্যটনৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ সম্পর্কত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰ দি বিধানসভাত বিভাগীয় মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে দীপৰ বিলৰ পৰ্যটন বিকাশ আৰু উন্নয়নৰ আকৰ্ষণৰ বাবে চৰকাৰে ২০১৯-২০ বৰ্ষত উত্তৰণ আঁচনিৰ অধীনত ১০ কোটি টকা অনুমোদন দিছিল ।

আনহাতে ২০২২-২৩ বৰ্ষত ২ কোটি টকা বাজেটত ধার্য কৰা হৈছিল । সৰ্বমুঠ ১২ কোটি টকাৰ প্রাক্ কলন প্ৰস্তুত কৰি নিবিদা আহ্বান কৰা হৈছিল যদিও বন বিভাগৰপৰা NOC নোপোৱাৰ বাবে উক্ত আঁচনিৰ কাম আৰম্ভ কৰিবপৰা হোৱা নাই ।

নিৰ্ধাৰিত ১২ কোটি টকাৰে নিম্নলিখিত আঁচনিসমূহ প্ৰস্তুত কৰা হৈছে-

১. নিৰীক্ষণ স্তম্ভ ২. বন কার্যালয় ৩.কেফেটেৰিয়া ৪. তথ্য কেন্দ্র ৫. ৰাজহুৱা প্ৰসাধন কেন্দ্ৰ ৬. যান বাহন ৰখা ঠাই ৭. আইনাৰ দলং ৮. জেটি (jetty)।

দীপৰ বিলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পৰামৰ্শদাতা নিয়োগ কৰি এখন মাষ্টাৰ প্লেন প্রস্তুত কৰাৰ অৰ্থে ইতিমধ্যে বাজেটত ধন ধাৰ্য কৰাৰ বাবে বিত্ত বিভাগলৈ অনুৰোধ জনাই নথি প্ৰেৰণ কৰা হৈছে বুলি সদনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে ।‌ মন্ত্ৰী বৰুৱাই লগতে কয় যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আৰু প্ৰশ্ন কৰিব নালাগে । এইবাৰ দীপৰ বিলত পৰ্যটনৰ উন্নয়নৰ ব্যৱস্থা কৰা হ'ব ।

লগতে পঢ়ক:Assam govt debt: দহ বছৰত চৰকাৰে ঋণৰ সুদ হিচাপে দিলে ৩৪,৯৬৮ কোটি টকা

ABOUT THE AUTHOR

...view details