গুৱাহাটী,২১ আগষ্ট :বৰ্তমান সময়ত প্ৰায় সংখ্যক মানুহেই গুগলত উপলব্ধ বিভিন্ন এপৰ জৰিয়তে অনলাইন মাধ্যমত বিভিন্ন বস্তু ক্ৰয় কৰে । কিন্তু কিমান সুৰক্ষিত এই এপবোৰ ? এইবাৰ তেনে এক এপৰ জালত পৰি গাঁঠিৰ ধন হেৰুৱাব লগীয়া হ'ল এগৰাকী যুৱতীয়ে (Guwahati woman duped by an online app)।
অভিযোগ অনুসৰি মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত প্ৰগতি নগৰৰ হীৰা তালুকদাৰ ৰয়ৰ জীয়ৰী অংকিতা ৰয়ে কিছুদিন পূৰ্বে URBANIC নামৰ এটা অনলাইন এপত জিন্স পেন্ট ক্ৰয় কৰিছিল । কিন্তু ক্ৰয় কৰাৰ পাছত জিন্স পেন্টটো মনপছন্দ নোহোৱাত তেওঁ পুনৰ ঘূৰাই দিছিল URBANIC অনলাইন প্ৰতিষ্ঠানটোক । প্ৰতিষ্ঠানটোৱে জিন্স পেন্টটো ক্ৰয় কৰাৰ বাবদ অংকিতা ৰয়ে পৰিশোধ কৰা ধন ৰাখি অনলাইন মাধ্যমৰ জৰিয়তে উভতাই দিয়া বা ৰিফাণ্ড কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
কিন্তু বহুদিন ধৰি URBANIC অনলাইন এপ কৰ্তৃপক্ষই অংকিতা ৰয়ৰ ধন ঘূৰাই নিদিয়াত অংকিতা ৰয়ে গুগলত URBANIC এপটোত উপলব্ধ হেল্প লাইন নম্বৰ 77658-91155ত ফোন কৰাত এগৰাকী ব্যক্তিয়ে 78469-83607 নম্বৰলৈ ফোন কৰি সুনিল সিং নামৰ এগৰাকী ব্যক্তিৰ লগত কথা পতাই দিয়ে । ইয়াৰ পিছতেই ব্যক্তিজনে অংকিতা ৰয়ক অনলাইনৰ জৰিয়তে জিন্স পেন্টটোৰ ধন ঘূৰাই দিব বুলি অংকিতা ৰয়ৰ পৰা বেংকৰ একাউণ্টৰ লগতে এটিএমৰ সকলো তথ্য সংগ্ৰহ কৰে ।