অসম

assam

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ সংবাদমেল - Dr. Pratap jyoti hadique press meet

উল্লেখ্য যে, ২০১৭ চনৰ পিচত অবৈধভাৱে নিযুক্তি হৈ থকা কৰ্মচাৰীক অব্যাহতি দিয়া হ'ব বুলি সংবাদমেলখনৰ জৰিয়তে জানিবলৈ দিয়ে উপাচাৰ্যগৰাকীয়ে। ইফালে আইডল কেলেংকাৰী সন্দৰ্ভত দুখনলৈ তদন্ত কমিটি গঠন কৰা হৈছে বুলিও জনায় ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে।

ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ সংবাদমেল
ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ সংবাদমেল

By

Published : Dec 6, 2019, 9:10 PM IST

গুৱাহাটী, 6 ডিচেম্বৰ: দীৰ্ঘদিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ত চলি থকা ব্যাপক অনিয়ম সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে যে, নীতি বৰ্হিভূতভাৱে কৰ্মচাৰীৰ দুই বছৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল। কেৱল নিজৰ ন্যস্তস্বাৰ্থৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংঘটিত কৰিছিল এই কাৰ্য। বিশ্ববিদ্যালয়ৰ সংবিধানৰ বিপক্ষে গৈ অৱসৰৰ পিচত দুইবছৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । পূৰ্বৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাৰ সময়চোৱাতে সংঘটিত হৈছিল এই অনিয়ম। এই ক্ষেত্ৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে নৱনিযুক্ত উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে।

ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ সংবাদমেল

উল্লেখ্য যে, ২০১৭ চনৰ পিচত অবৈধভাৱে নিযুক্তি হৈ থকা কৰ্মচাৰীক অব্যাহতি দিয়া হ'ব বুলি সংবাদমেলখনৰ জৰিয়তে জানিবলৈ দিয়ে উপাচাৰ্যগৰাকীয়ে। ইফালে আইডল কেলেংকাৰী সন্দৰ্ভত দুখনলৈ তদন্ত কমিটি গঠন কৰা হৈছে বুলিও জনায় ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে । কেগৰ প্ৰতিবেদন অনুসৰি আইডলৰ তদন্তৰ বাবে জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আফটাফ হুছেইন শইকীয়াক নিযুক্তি দিয়া হৈছে। তদন্তৰ বাবে মুঠ ৬মাহ সময় বিচাৰিছে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীক। তাৰোপৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক দীলিপ বৰাৰ নেতৃত্বত এখন সাতজনীয়া কমিটিও গঠন কৰি দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এই কমিটিখনে আইডল সন্দৰ্ভত সামগ্ৰিকভাৱে তদন্ত কৰি এমাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন। আইডলৰ পূৰ্বৰ সঞ্চালক তথা বিশ্ববিদ্যালয়ৰ সেইসময়ৰ উপাচাৰ্যও তদন্তৰ আওতালৈ আহিব বুলি জানিবলৈ দিয়ে উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে।

ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ সংবাদমেল

ইয়াৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা কোনো তথ্য হেক কৰিব নোৱাৰেকৈ শীঘ্ৰে ব্যৱস্থা লোৱা হ'ব বুলিও জনাই ডঃ সন্দিকৈয়ে।

লগতে পঢ়ক ৰণহুংকাৰঃ আমাৰ প্ৰথম আৰু শেষ কথা- কেব নামানো

ABOUT THE AUTHOR

...view details