গুৱাহাটী, 03 ডিচেম্বৰঃ এটাৰ পাছত আনটো বিতৰ্কত সোমাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় ৷ প্ৰশ্নকাকত ফাদিল , ৱেব ছাইট হেকৰ পৰা আৰম্ভ কৰি ভুৱা পাঠ্যক্ৰমলৈকে বিৰ্তকই লগ এৰা নাই বিশ্ববিদ্যালয় খনক ৷ মঙলবাৰে বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা আৰু আইডলৰ দুৰ্নীতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই । অসম বিধানসভাৰ শীতকালীন অধিবেশনত কেগৰ প্ৰতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল পাঠ্যক্ৰমৰ বিসংগতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল ৷ কেগৰ
প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, আইডল কৰ্তৃপক্ষই অনুমোদন বিহীন ভাৱে ২১ টাকৈ বিষয়ত শিক্ষাদান কৰি অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে ছাত্ৰ ছাত্ৰীক । লগে লগে ৰাজ্যৰ প্ৰায় ৭৩ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ ভুৱা বুলি প্ৰতিবেদনত উল্লেখ হোৱাৰ পাছতেই এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ এনে পৰিস্থিতিত বিভিন্ন বিভাগত কৰ্মৰত ছাত্ৰ-ছাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থাই ব্যৱস্থা ল'ব বুলি সংবাদমেল যোগে প্ৰকাশ কৰে ৷ ইতিমধ্যেই বিষয়টো সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে এখন উচ্চস্তৰীয় কমিটি গঠন কৰি তদন্ত কৰাৰ নিৰ্দেশ দিছে । তদন্ত খৰতকীয়া কৰাৰ লগতে আইডলৰ তদানীন্তন সঞ্চালক কন্দৰ্প দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য মৃদুল হাজৰিকাকো তদন্তৰ আঁওতালৈ অনাৰ দাবী উত্থাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই ।