অসম

assam

By

Published : Sep 25, 2019, 6:25 PM IST

ETV Bharat / state

ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2019-20 বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ৷ ফলাফল ঘোষণাৰ পাচতেই আনন্দমুখৰ পৰিৱেশ বিশ্ববিদ্যালয় খনৰ চৌহদত ৷

Gauhati University election

গুৱাহাটী, 25 ছেপ্টেম্বৰঃ অসমৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় সমূহত এতিয়া নিৰ্বাচনৰ বতাহ ৷ নিৰ্বাচনী ধামখুমীয়াত ব্যস্ত ৰাজ্যৰ ছাত্ৰ সমাজ ৷ উদ্দেশ্য ছাত্ৰ সমাজক সবল নেতৃত্ব প্ৰদান কৰা ৷ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত উত্তৰ পূৱৰ প্ৰথম খন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৰ্বাচনত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি থাকে৷ প্ৰত্যেক বছৰৰ দৰেই এইবছৰো 24 ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু বুধবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা হয় ৷ ফলাফল অনুসৰি, সাধাৰণ সম্পাদক পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত মুন তালুকদাৰ জয়যুক্ত হয় ৷ একে সময়তে এবিভিপিৰ হৈ সাংস্কৃতিক সম্পাদক পদত সৌৰভ সাহা আৰু সংগীত সম্পাদক পদত শিল্পীকা মধুকুল্য জয়ী হয় ৷ আনহাতে সভাপতি , উপ সভাপতি আৰু সহ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী ক্ৰমে অনুৰাগ কল্যাণ বৰগোঁহাই, লক্ষজিৎ দাস, তৃষ্ণা দেৱী জয়ী হয় ৷ ইয়াৰোপৰি সমাজ সেৱা সম্পাদিকা পদত ফাৰ্ণী আহমেদ, লঘু ক্ৰীড়া পদত নবাংকুৰ শইকীয়া, সাহিত্য আৰু সুকুমাৰ কলা বিভাগত এছ এফ আইৰ অপ্ৰীম কুমাৰ বৰা , ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত সাগৰিকা কলিতা, গুৰু ক্ৰীড়া পদত জুবিন মুক্তিয়াৰ আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত জয়লাভ কৰে নাছিৰ মিৰ্জাই । ইফালে নিজ সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাৰ পাচতেই আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৷

ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সম্পূৰ্ণৰূপে আছুৰ দখললৈ যায় ৷ পূৰ্বে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল সাতগৰাকী আছু সমৰ্থিত প্ৰাৰ্থী । বুধবাৰে অনুষ্ঠিত দুটা পদৰ নিৰ্বাচনত ক্ৰমে উপ-সভাপতি পদত অভিলাষা মহন্ত আৰু সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰে ৰূপম কাশ্যপ মহন্তই ।

ABOUT THE AUTHOR

...view details