গুৱাহাটী, 30মে' : শুক্ৰবাৰৰ পৰা কোৱাৰেন্টাইন চেন্টাৰ হিচাপে ব্যৱহাৰ কৰা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ । কুৱেইটৰ পৰা অহা ৯৮ জন লোকক কোৱাৰেন্টাইন কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয় আৰ চি চি ৪নং ডাঃ ভূৱনেশ্বৰ বৰুৱা ছাত্ৰাবাসত । বৰঝাৰ বিমানবন্দৰত এইসকল লোক উপস্থিত হোৱাৰ পিছতেই সকলোৰে নমুনা সংগ্ৰহ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা হয় তেওঁলোকক ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত কুৱেইটৰ পৰা অহা শতাধিক লোক
গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূত এতিয়া দেশ বিদেশৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে কেইবাটাও ছাত্ৰাৱাসত ৰখা হৈছে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলক ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৱাৰেইন্টাইন চেন্টাৰ
নিশাই আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত লোকসকলক কোৱাৰেন্টাইন কৰা হয় । উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছ‘টাকৈ হোষ্টেল ইতিমধ্যেই সম্পূৰ্ণৰূপে কোৱাৰেন্টাইনৰ বাবে সাজু কৰি তোলা হৈছে । এতিয়াৰে পৰা বিমানেৰে অহা যাত্ৰীসকলক বিশ্ববিদ্যালয়ত কোৱাৰেন্টাইন কৰা হ'ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ লকডাউনৰ নিয়ম উলংঘা কৰি মহানগীৰত সুৰামত্ত গাড়ীচালকৰ তাণ্ডৱ