গুৱাহাটী, ২২মে': বিগত প্ৰায় তিনি সপ্তাহ ধৰি কৃত্ৰিম বানৰ কৱলত পৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এটা বৃহৎ অংশ(Flood in Guwahati University) । ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছিল হাহাকাৰময় পৰিস্থিতি । ইয়াৰ পাছতেই ১৭ মে'ত অসম চৰকাৰৰ জলসম্পদ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত সাতমাইলৰ পৰা জালুকবাৰী সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত যুদ্ধকালীন তৎপৰতাৰে নলা খন্দা কাম আৰম্ভ কৰে ।
ফলত আৱদ্ধ পানীভাগ সেই নলাৰে ওলাই যোৱাৰ পাছত সম্প্ৰতি কৃত্ৰিম বান পৰিস্থিতিৰ বহুখিনি উন্নত হোৱা বুলি জানিব পৰা গৈছে(Artificial flood situation at Guwahati University improves) । এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা আৰু সাধাৰণ সম্পাদক বিকি শৰ্মাই জানিবলৈ দিয়া মতে এপ্ৰিল মাহৰ পৰা হৈ থকা বৰষুণৰ বাবে চলিত মে’ মাহৰ প্ৰথম সপ্তাহৰ পৰা কৃত্ৰিম বানৰ কৱলত পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এক বৃহৎ অংশ ।
বিশেষকৈ বিশ্ববিদ্যালয়ৰ পানী ওলাই যোৱা নলাটো আছিল সাতমাইলৰ পৰা জালুকবাৰী সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত । কিন্ত থকা একাংশ ব্যৱসায়ী আৰু নাগৰিকে নলাটো মাটিৰে পুতি কৰি বন্ধ কৰি দিয়াত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ পানী সমূহ ওলাই যাব নোৱাৰাত ৩ মে'ৰ পৰাই বিশ্ববিদ্যালয়ৰ মাৰ্কেট, খেলপথাৰ, অসম আৰ্হিৰ ৮ আৰু ৯ নং ছাত্ৰাবাস আৰ চি চি 4 নং আৰু আৰ চি চি ৫ নং ছাত্ৰীনিবাস কৃত্ৰিম বানত বুৰ যায় ।
ফলত জলবন্দী হ’বলগীয়া হয় চাৰিটা আবাসত থকা পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী । অৱশ্যে বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ এটা দলে পাম্পিং মেচিনৰ সহায়ত পানী নিষ্কাষণ কৰি আহিছিল । কিন্তু বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত ১৪ মে'ৰ পৰা বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে । আনকি চাৰিটাকৈ আবাসৰ পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সাপ, বেং আদিৰ সৈতে সহাৱস্থান কৰি চলিবলগীয়া হোৱাত কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছিল ছাত্ৰ-ছাত্ৰী সকল ।
অৱশেষত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ অনুৰোধ মৰ্মে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ১৬ মে'ৰ সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি বান পৰিস্থিতিৰ বুজ লয় । মন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এটা সজাতি দলো উপস্থিত আছিল । ছাত্ৰ সন্থাই বিভাগীয় মন্ত্ৰীক বিভাগীয়ভাৱে গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান সমস্যাটোৰ চিৰস্থায়ী সমাধানৰ বাবে আহ্বান জনায় ।