অসম

assam

By

Published : Sep 18, 2020, 6:15 PM IST

ETV Bharat / state

ছেপ্তেম্বৰৰ শেষত আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

কৰ'ণা প্ৰটকল অনুসৰি পৰ্যায়ক্ৰমে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷

Guwahati University exams will be held at the end of September
ছেপ্তেম্বৰৰ শেষত আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

গুৱাহাটী, 18 ছেপ্তেম্বৰঃ ছেপ্তেম্বৰৰ শেষত আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ ৷ অনলাইন আৰু অফলাইন উভয় মাধ্যমৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইতিমধ্যেই কৰ'ণা প্ৰটকল অনুসৰি পৰ্যায়ক্ৰমে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ ইটিভি ভাৰতৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ক’লে, অনলাইন পৰীক্ষাৰ বাবে পৰ্টেলসমূহৰ লগতে কাৰিকৰী দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ কাৰণ কেইবাহাজাৰ শিক্ষাৰ্থী একেলগে পৰীক্ষাত বহিলে অনলাইন মাধ্যমত বেমেজালিৰ সৃষ্টি হ’লে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷ একে সময়তেই পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষা দিয়া শিক্ষাৰ্থীৰ সমান্তৰালকৈ অনলাইন প্ৰক্ৰিয়াযোগে পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকমূহে উত্তৰবহী সসমূহো আপলোড কৰিব লাগিব ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ প্ৰতিক্ৰিয়া

ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যৎ তথা সুৰক্ষাৰ দিশটো গুৰুত্ব প্ৰদান কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সিন্ধান্ত সমূহ ল'বলৈ আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উল্লেখ্য যে,গুৱাহাটী বিশ্ববিদ্যালয় অন্তৰ্গত মহাবিদ্যালয়সমূহৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ আগন্তুক 22 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দুদিনমান পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক-গোলাঘাটৰ দেৰগাঁৱৰ ৰে’ল গেটত উদ্ধাৰ বৃহৎ কাছ

ABOUT THE AUTHOR

...view details