অসম

assam

By

Published : Sep 8, 2020, 4:49 PM IST

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছু নেতৃত্বৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথৰ নেতৃত্বত আছুৰ এটি দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক সাক্ষাৎ কৰি কেইবাটাও বিষয়ত আলোচনাত মিলিত হয় ৷

guwahati University exam discus vc and aasu
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছুৰ

গুৱাহাটী,8ছেপ্তেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈক সাক্ষাৎ আছু নেতৃত্বৰ । শিক্ষাৰ্থীৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে বিশ্ববিদ্যালয়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আছু নেতৃত্বই। পৰীক্ষাসমূহ অনলাইন তথা অফলাইন দুটা মাধ্যমতে অনুষ্ঠিত কৰিবলৈও উপাচাৰ্যক আহ্বান জনালে আছুয়ে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছুৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথৰ নেতৃত্বত আছুৰ এটি দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক সাক্ষাৎ কৰি কেইবাটাও বিষয়ত আলোচনা কৰে । আগন্তুক ২২ তাৰিখৰ পৰা বিশ্ববিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিন্ধান্ত আদৰণি জনাইছে আছুয়ে। উল্লেখযোগ্য যে, কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেই বন্ধ হৈ থকা বিশ্ববিদ্যালয়ত লাহে লাহে স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই। যাৰ বাবে ২২ ছেপ্টেম্বৰৰ পৰা স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়কঃ অন্ত পৰিল ১০৪ দিনীয়া উৎকণ্ঠাৰ, নুমাল বাঘজানৰ জুই !

ABOUT THE AUTHOR

...view details