গুৱাহাটী, ২৯ এপ্ৰিলঃ বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । যাৰ বাবে দেশত চলি আছে লক ডাউন। লকডাউনৰ বাবে এতিয়া বন্ধ হৈ আছে অফিচ, শিক্ষানুষ্ঠান আদি । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহে সলনি কৰিছে শৈক্ষিক সূচী । শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিছে নতুন বৰ্ষৰ শৈক্ষিক সূচী । এক বিশেষ জাননীযোগে নতুন শৈক্ষিক সূচী কথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহক জনাইছে কৰ্তৃপক্ষই । নতুন সূচী অনুসৰি উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ লগত সংগতি ৰাখি অহা ১৫ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব স্নাতক প্ৰথম ষান্মাসিকৰ নামভৰ্তি।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন বৰ্ষৰ শৈক্ষিক সূচী ঘোষণা - guwahati university
বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিছে নতুন বৰ্ষৰ শৈক্ষিক সূচী । নতুন সূচী অনুসৰি উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ লগত সংগতি ৰাখি অহা ১৫ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব স্নাতক প্ৰথম ষান্মাসিকৰ নামভৰ্তি ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘোষণা নতুন বৰ্ষৰ শৈক্ষিক সূচী
তাৰোপৰি জুন মাহত অনুষ্ঠিত হ'ব স্নাতক দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ সান্মষিকৰ পৰীক্ষাসমূহ । ইফালে সকলো ধৰণৰ স্নাতকোত্তৰ পৰীক্ষা ১৫ আগষ্টৰ পাছতহে অনুষ্ঠিত কৰাৰ কথাও জাননীত উল্লেখ কৰা হৈছে । লগতে বি এড, এম. এড পৰীক্ষাসমূহ জুলাইৰ শেষ সপ্তাহৰ পৰা আৰম্ভ হ'ব বুলি উল্লেখ আছে ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জুলাইৰ গ্ৰীষ্ম বন্ধ বাতিল কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে ।