অসম

assam

ETV Bharat / state

জালুকবাৰীত উবেৰ চালকে লুটিলে যাত্ৰীৰ ধন - উবেৰ গাড়ীৰ চালকে কাঢ়ি নিয়ে  মোবাইল ফোনসহ নগধ ধন

জালুকবাৰীৰ পৰা নলবাৰীলৈ যাবলৈ ৰৈ থকা ইক্ৰাম হুছেইন নামৰ এজন যুৱকৰ পৰা এখন উবেৰ গাড়ীৰ চালকে কাঢ়ি নিয়ে  মোবাইল ফোনসহ নগধ ধন ৷

জালুকবাৰীত উবেৰ চালকে লুটিলে যাত্ৰীৰ ধন

By

Published : Sep 14, 2019, 11:08 PM IST

গুৱাহাটী,14 চেপ্তেম্বৰঃ অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ এইবাৰ ডকাইতৰ ৰূপত উবেৰ চালক । নিশা উবেৰ চালকে অকলশৰীয়া যাত্ৰীৰ পৰা কাঢ়ি নিলে ১১ হেজাৰ টকা আৰু মোবাইল ফোন । জালুকবাৰীৰ পৰা নলবাৰীলৈ যাবলৈ ৰৈ থকা ইক্ৰাম হুছেইন নামৰ এজন যুৱকৰ পৰা এখন উবেৰ গাড়ীৰ চালকে কাঢ়ি নিয়ে মোবাইল ফোনসহ নগদ ধন ৷ উবেৰ চালকজনৰ লগত আন দুই দুজন লোক আছিল বুলি উল্লেখ কৰে ভুক্তভোগী ইক্ৰাম হুছেইনে । জালুকবাৰী উৰণীয়া সেঁতুৰ ওপৰত সংঘটিত হয় এই ঘটনা ।

জালুকবাৰীত উবেৰ চালকে লুটিলে যাত্ৰীৰ ধন

উল্লেখ্য যে AS-25DC-2408 নম্বৰৰ বগা ৰঙৰ উবেৰ গাড়ীখনত আহিছিল দুৰ্বৃত্তৰ দলটো ৷ ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে । সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ৷

ABOUT THE AUTHOR

...view details