গুৱাহাটী,৮ মে': কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ কিছুমান ৰাজপথত কেতবোৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে(Traffic has been banned on some highways in Guwahati city) । এই সন্দৰ্ভত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই দেওবাৰে পাণবজাৰ থকা কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত কয় যে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah to Assam on May 9) ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ বাবে ৯ মে'ৰ পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০ মে', পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি বা ততোধিক চকাযুক্ত বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।