অসম

assam

ETV Bharat / state

Ropeway service resumes : যাত্ৰীৰ বাবে পুনৰ মুকলি হ’ল গুৱাহাটীৰ লুইতৰ ওপৰত ৰ'পৱে সেৱা - ৰপৱেৰ নিয়মীয়া যাত্ৰীৰ বাবে সুখবৰ

গুৱাহাটীৰ লুইতৰ ওপৰত পুনৰ উপলব্ধ হ'ল ৰ'পৱে সেৱা । দেওবাৰৰ পৰা যাত্ৰীৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰীৰ বাবে এই সেৱা (Guwahati to North Guwahati ropeway service resumes) ৷

Ropeway service resumes
যাত্ৰীৰ বাবে পুনৰ মুকলি হ’ল গুৱাহাটীৰ লুইতৰ ওপৰত ৰ'পৱে সেৱা

By

Published : Jul 3, 2022, 4:22 PM IST

গুৱাহাটী, ৩ জুলাই : ৰ'পৱেৰ নিয়মীয়া যাত্ৰীৰ বাবে সুখবৰ । দেওবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল ৰ’পৱে সেৱা (Ropeway service resumes) । গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ নিয়মীয়া যাত্ৰীৰ বাবে এই সুবিধা আগবঢ়াইছে জিএমডিএ (Guwahati Metropolitan Development Authority) কৰ্তৃপক্ষই ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ হৈ আছিল । ফেৰি সেৱা বন্ধ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি জিএমডিএ গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা । এই ব্য়ৱস্থা অনুসৰি, যাত্ৰীৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় এই ৰ’পৱে সেৱা (Guwahati to North Guwahati ropeway service resumes)৷

জিএমডিএ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই ব্যৱস্থা ।

জিএমডিএৰ এগৰাকী কৰ্মচাৰীয়ে জনোৱা মতে, গুৱাহাটী উত্তৰ গুৱাহাটীৰ নিয়মীয়া যাত্ৰীৰ বাবে শনিবাৰৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰা হৈছে । ছাত্ৰ-ছাত্ৰীৰ বাবেও দিয়া আছে এক বিশেষ ৰেহাই । ৫০ টকাত অহা যোৱা কৰিব পাৰিব নিয়মীয়া যাত্ৰীয়ে ।

যাত্ৰীৰ বাবে পুনৰ মুকলি হ’ল গুৱাহাটীৰ লুইতৰ ওপৰত ৰ'পৱে সেৱা

পুৱা ৮:৩০-১০:৩০ বজালৈ আৰু বিয়লি ৪:৩০- ৬:০০ বজালৈ এই সেৱাৰ ব্যৱস্থা কৰা হৈছে । পূৰ্বতে এই ৰ’পৱে সেৱাত ১২-৬০ বছৰ বয়সলৈ এবাৰত ১০০ টকা টিকট আছিল । কিন্তু তাৰ পৰিৱৰ্তে এতিয়া ৫০ টকাতে অহা যোৱা কৰিব পাৰিব নিয়মীয়া যাত্ৰীয়ে । অৱশ্যে তাৰ বিপৰীতে পৰ্যটকৰ বাবে পূৰ্বৰ ভাড়া বাহল থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Covid infection increase in Assam:ৰাজ্যত পুনৰ বৃদ্ধি ক'ভিড সংক্ৰমণ

ABOUT THE AUTHOR

...view details