অসম

assam

ETV Bharat / state

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিদিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰা হৈছে (Ferry service closed in Guwahati) ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু প্ৰবল সোঁতৰ বাবে দেওবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ কৰা হৈছে ফেৰীসেৱা (Guwahati to North Guwahati ferry service suspended)৷

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰী সেৱা অনিদিষ্ট কাললৈ বন্ধ
guwahati-to-north-guwahati-connecting-boat-and-ferry-service-closed-for-an-indefinite-period

By

Published : Jun 19, 2022, 10:59 AM IST

গুৱাহাটী, 19 জুন:মহানগৰীত বানৰ প্ৰলয় (Assam flood 2022) ৷ ৰাজ্যৰ আন ৰাজ্যসমূহৰ লগতে মহানগৰীৰ চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ বানৰ কবলত বুৰ গৈছে ৷ শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা উত্তৰ-গুৱাহাটী সংযোগী নাও আৰু ফেৰী সেৱা অনিদিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰা হৈছে (Ferry service closed in Guwahati) ৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে শনিবাৰে এক জাননীযোগে এই ঘোষণা কৰে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা আৰু প্ৰবল সোঁতৰ বাবে দেওবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ কৰা হৈছে ফেৰীসেৱা (Guwahati to North Guwahati ferry service suspended)৷ এই সন্দৰ্ভত পুনৰ জাননী জাৰি নকৰা পৰ্যন্ত নিষেধাজ্ঞা বাহাল থাকিব বুলি জাননীখনত উল্লেখ কৰে ৷ ফেৰীসেৱা বন্ধ হোৱাৰ লগেলগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত ৷

Guwahati to North Guwahati connecting boat and ferry service closed for an indefinite period

ইফালে 19 মে' ৰ পৰা মাজুলী-নিমাতী ফেৰীসেৱাও অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে (Ferry service suspended in Majuli) ৷ বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ বাবে মুকলি কৰি দিয়া হৈছিল ফেৰীসেৱা ।

কিন্তু ফেৰীসমূহ চলাচলৰ অনুমতি দিয়া হৈছিল যদিও নেৰানেপেৰা বৰষুণৰ বাবে বৃহস্পতিবাৰে পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ফেৰীসেৱা বন্ধ কৰাৰ সিদ্ধান্ত লয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ।

লগতে পঢ়ক:অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী নিমাতীৰ ফেৰী সেৱা

ABOUT THE AUTHOR

...view details