অসম

assam

ETV Bharat / state

ফিল্মফেয়াৰৰ পিছত গুৱাহাটীত ক্ৰীড়াজগতৰ মহা বঁটা প্ৰদান অনুষ্ঠান

ফিল্মফেয়াৰৰ পিচত গুৱাহাটীত অনুষ্ঠিত হ'ব টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ স্পৰ্টছ এৱাৰ্ড কাৰ্যসূচী ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব ব্ৰেইন লাৰা, শচীন টেণ্ডুলকাৰ, বীজেন্দ্ৰ সিং, যুৱৰাজ সিঙকে ধৰি বহুসংখ্যক কিংবদন্তি খেলুৱৈ ৷

Guwahati to host TOISA Sports Awards programme
ফিল্মফেয়াৰৰ পিছত গুৱাহাটীত ক্ৰীড়াজগতৰ মহা বঁটা প্ৰদান অনুষ্ঠান

By

Published : Feb 18, 2020, 8:19 PM IST

গুৱাহাটী, 18 ফেব্ৰুৱাৰী : গুৱাহাটীত সুকলমে অনুষ্ঠিত হৈ গ'ল ফিল্মফেয়াৰৰ দৰে অনুষ্ঠান । য'ত অংশগ্ৰহণৰ বাবে উবুৰি খাই পৰিল বলীউদৰ তাৰকা-মহাতাৰকাসমূহ । তাৰকাসকলক আপ্যায়নৰ ক্ষেত্ৰত কোনো ক্ৰুতি নেৰিলে অসম চৰকাৰে । যাৰ বাবে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৰাজ্য চৰকাৰ । এই অনুষ্ঠানৰ সফল সমাপ্তিৰ পিছতেই আন এক বিশাল বঁটা প্ৰদান অনুষ্ঠানৰ বাবে সাজু হৈছে অসম চৰকাৰৰ ক্ৰীড়া বিভাগ । কিয়নো অহা ৫ মাৰ্চত গুৱাহাটীৰ সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব টাইমছ অফ ইণ্ডিয়া ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান চমুকৈ টইছা ।

টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ স্পৰ্টছ এৱাৰ্ড কাৰ্যসূচী
এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে গুৱাহাটীত সমাহাৰ ঘটিব ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় কিংবদন্তি খেলুৱৈসকলৰ । অনুষ্ঠানত ব্ৰেইন লাৰা, শচীন টেণ্ডুলকাৰ, বীজেন্দ্ৰ সিং, যুৱৰাজ সিঙকে আদি কৰি ভাৰতৰ প্ৰায় সংখ্যক তাৰকা খেলুৱৈ উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে।
ফিল্মফেয়াৰৰ পিছত গুৱাহাটীত ক্ৰীড়াজগতৰ মহা বঁটা প্ৰদান অনুষ্ঠান
মুঠৰ ওপৰত বলীউডৰ তাৰকা-মহাতাৰকাসমূহৰ পিছত এইবাৰ ক্ৰীড়া জগতৰ তাৰকাৰে ভৰিব গুৱাহাটী মহানগৰী । ইয়াৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম চৰকাৰ আৰু দা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে । উল্লেখযোগ্য যে, এই বঁটা প্ৰদান অনুষ্ঠান যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ মাজভাগতে হোৱাৰ কথা আছিল যদিও সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদৰ বাবে বাতিল কৰা হৈছিল অনুষ্ঠানটো ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details