গুৱাহাটী, 5 মে’: শিশুক চাইক্লিঙৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত আগন্তুক জুন মাহৰ ভিতৰত গুৱাহাটী মহানগৰে লাভ কৰিব দ্বিতীয় কনিষ্ঠ চাইকেল মেয়ৰ ৷ এই মেয়ৰজনৰ বয়স 12 আৰু 17 বছৰৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে ৷ মালাভ দত্ত হৈছে গুৱাহাটীৰ প্ৰথমগৰাকী কনিষ্ঠ চাইকেল মেয়ৰ আৰু তেওঁ 2020 চনৰ 3 জুন তাৰিখে বাইচাইকেল মেয়ৰৰ বাবে বাচনি হৈছিল ৷ মালাভ দত্তৰ কাৰ্যকাল চলিত বৰ্ষৰ জুন মাহত সমাপ্ত হ’ব ৷
বিশ্বজুৰি চাইক্লিঙক উদগনি যোগাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে নেদাৰেলণ্ডৰ বি.ওৱাই.চি.এছ. নামৰ এটা সামাজিক সংস্থাই ৷
গুৱাহাটীৰ চাইকেল মেয়ৰ শীৰ্ষক এই পদক্ষেপ গুৱাহাটী সক্ৰিয় ম’বেলিটি ফৰাম আৰু দ্যা গ্ৰীণ লেন ফাউণ্ডেচনৰ সহযোগত গ্ৰহণ কৰা হৈছে ৷
চাইকেল মেয়ৰ হ’বলৈ গুৱাহাটীৰ 12ৰ পৰা 17 বছৰ বয়সৰ আৰু ষষ্ট শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ অধ্যয়নৰত যিকোনো লৰা অথবা ছোৱালীয়ে 31 মে’ৰ আগত আবেদন কৰিব পাৰিব ৷