গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : ব্যক্তিগত প্ৰতিষ্ঠানে চলাব জি এম চিৰ কোটিটকীয়া ছুপাৰ ছাকাৰ (GMC super sucker)৷ এই কাণ্ডই ব্যৰ্থতা উদঙাইছে জি এম চি আৰু বিভাগীয় মন্ত্ৰী অশোক সিংহলৰ (Minister Ashok Singhal) ৷ চৰকাৰী বিভাগে কৰিব নোৱাৰা কাম কৰিব ব্যক্তিগত প্ৰতিষ্ঠানে ৷ মহানগৰীৰ কৃত্ৰিম বানপানী (Guwahati flood) ৰোধৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ পুঁজিৰ পৰা ২৫ কোটি টকা ব্যয় কৰি গুৱাহাটী পৌৰ নিগমৰ বাবে ১০ খন ছুপাৰ ছাকাৰ ক্ৰয় কৰিছিল ৷ প্ৰতিখন ছুপাৰ ছাকাৰৰ বিপৰীতে চৰকাৰে দুখনকৈ ডাম্প টেংকাৰো একেলগে ক্ৰয় কৰিছিল ৷
উল্লেখ্য, প্ৰতিখন ছুপাৰ ছাকাৰৰ দৈনিক ব্যৱহাৰৰ বাবদ ব্যয় হয় এক লাখকৈ টকা ৷ কিন্তু এই অত্যাধুনিক যন্ত্ৰটোৰ পৰা আশাব্যঞ্জক ফলাফল লাভ নকৰিলে পৌৰ নিগম কতৃৰ্পক্ষই (Guwahati Municipal Corporation)৷ যাৰ ফলত পৌৰ নিগম কতৃৰ্পক্ষৰ বাবে ই এক বৃহৎ আৰ্থিক বোজাত পৰিণত হয় ৷ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ অভাৱৰ ফলতে বহু সময়ত বশিষ্ঠৰ যানশালা শাখাত পৰি ৰৈছে কোটিটকীয়া ছুপাৰ ছাকাৰ ৷
আনহাতে যিসকল কৰ্মচাৰীয়ে ছুপাৰ ছাকাৰ চলাইছিল সেইসকলোক মাহ মাহ ধৰি ধৰমহা দিয়াত ব্যৰ্থ হৈছিল জি এম চি ৷ গুৱাহাটীৰ নলা-নৰ্দমাৰ পৰা জাবৰ নিষ্কাশনৰ বাবে অনা এই দহখন ছুপাৰ ছাকাৰ চলোৱাত ব্যৰ্থ হৈ ব্যক্তিগত প্ৰতিষ্ঠানক চলোৱা আৰু চোৱা-চিতাৰ দায়িত্ব দিবলৈ ওলাইছে জি এম চিয়ে ৷