অসম

assam

ETV Bharat / state

দুটাতকৈ অধিক সন্তান থকা সকলে নাপাব চৰকাৰী চাকৰি - ৰাজ্যিক কেবিনেটত কেইবাটাও নতুন নীতি গ্ৰহণ

ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা বলৱৎ হ'ব গ্ৰহণ কৰা নতুন নীতিসমূহ ৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা ৷

ৰাজ্যত ২৫ শতাংশকৈ বৃদ্ধি পাব বাছৰ ভাড়া

By

Published : Oct 22, 2019, 6:17 AM IST

Updated : Oct 22, 2019, 1:36 PM IST


গুৱাহাটী,21 অক্টোবৰ: ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ জনতাৰ ওপৰত পুনৰ ৰাম টাঙোন চৰকাৰৰ ৷ ৰাজ্যত ২৫ শতাংশকৈ বৃদ্ধি পাব বাছৰ ভাৰা ৷ সোমবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ আনহাতে বৈঠকত নতুন ভূমি নীতি গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ভূমিহীন খিলঞ্জীয়াক দিয়া হ'ব ৩ বিঘাকৈ মাটি৷ ইফালে চৰকাৰী চাকৰিতো দুই সন্তান নীতি প্ৰয়োগৰ সিদ্ধান্ত ৷ দুটাতকৈ অধিক সন্তান থকা লোকে নাপায় চৰকাৰী চাকৰি লগতে কৰিব নোৱাৰিব চাকৰিৰ বাবে আৱেদন ৷ ২০২১ৰ ১ জানুৱাৰীৰ পৰা বলৱৎ হ'ব এই নিয়ম ৷

ৰাজ্যত ২৫ শতাংশকৈ বৃদ্ধি পাব বাছৰ ভাড়া

কেবিনেটৰ বৈঠকত গ্ৰামোন্নয়ন সন্দৰ্ভতো কেইবাটাও নতুন সিদ্ধান্ত লোৱা হয় ৷ ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিত প্ৰত্যেকগৰাকীক মাহে তিনিশ টকা কৈ দিয়া হবলগতে ১২৭৭ টা নতুন পদ খুলিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত । উল্লেখযোগ্য যে জাপানীজ এনকেফেলাইটিছ ৰোগ সামৰি ল'ব অটল অমৃত যোজনাত । ইয়াৰোপৰি অটল অমিত অভিযানে এতিয়াৰ পৰা সামৰিব 'আইচিইউ'(ICU) ত থকা ৰোগীক ৷ কেৱিনেট বৈঠকৰ পাছত গ্ৰহণ কৰা এই নতুন নীতি আৰু আঁচনীৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

Last Updated : Oct 22, 2019, 1:36 PM IST

ABOUT THE AUTHOR

...view details