গুৱাহাটী,14 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যহত আছে যদিও মহানগৰী গুৱাহাটীত পৰিস্থিতি কিছু স্বাভাৱিক হ'বলৈ ধৰাত জিলা প্ৰশাসনে সান্ধ্য আইন পুৱা ৯ বজাৰ পৰা ৪ বজালৈ শিথিল কৰিছে। সান্ধ্য আইন শিথিল হোৱাৰ লগে লগে মহানগৰবাসী ওলাই আহিছে নিজৰ দৈনন্দিন জীৱন যাত্ৰালৈ। গুৱাহাটীৰ ৰাজপথ সমূহ পুনৰ ভৰি পৰিছে বাহনেৰে। যোৱা তিনিটা দিন মহানগৰীত আন্দোলন তীব্ৰৰূপ ধাৰণ কৰাত পেট্ৰ'ল পাম্প সমূহ বন্ধ থকাৰ ফলত আজি পেট্ৰ'ল বিচাৰি পেট্ৰ'ল পাম্প সমূহত দেখা গৈছে দীঘলীয়া লাইন। মহানগৰী গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু তেজপুৰ জিলা প্ৰশাসনে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ সান্ধ্য আইন শিথিল কৰিছে। ৰাজ্যত কেব বিৰোধী আন্দোলন পূৰ্বৰ তুলনাত কিছু স্তিমিত হৈছে যদিও বিভিন্ন প্ৰান্তত কেব'ৰ বিৰোধিতা কৰি ৰাইজ প্ৰতিবাদ অব্যহত ৰাখিছে।
ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ জনজীৱন - Guwahati latest update
যোৱা তিনিটা দিন মহানগৰীত আন্দোলন তীব্ৰৰূপ ধাৰণ কৰাত পেট্ৰ'ল পাম্প সমূহ বন্ধ থকাৰ ফলত আজি পেট্ৰ'ল বিচাৰি পেট্ৰ'ল পাম্প সমূহত দেখা গৈছে দীঘলীয়া লাইন। মহানহৰী গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু তেজপুৰ জিলা প্ৰশাসনে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ সান্ধ্য আইন শিথিল কৰিছে।
স্বাভাৱিক হৈ পৰিছে মহানগৰীৰ জীৱনযাত্ৰা