গুৱাহাটী,30 মাৰ্চঃ সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজেচনৰ কাম। চৰকাৰে গুৱাহাটী মহানগৰীত যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ কৰিছে চেনিটাইজেচনৰ কাম। প্ৰথম পৰ্যায়ৰ চেনিটাইজেচনৰ কাম পৌৰ নিগমে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত দেওবাৰে সমাপ্ত কৰাৰ পিছত সোমবাৰৰ পৰা আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ কাম। দেওবাৰে মহানগৰীৰ লখৰা, লালগণেশ, কাহিলিপাৰা, বেলতলা, গড়চুকৰ সকলো দোকান, বজাৰ ৰাজপথ ছেনিটাইজ কৰে পৌৰ নিগমে।
মহানগৰীত দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজেচনৰ কাম আৰম্ভ - Guwahati sanitization news
চৰকাৰে গুৱাহাটী মহানগৰীত যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ কৰিছে চেনিটাইজেচনৰ কাম। প্ৰথম পৰ্যায়ৰ চেনিটাইজেচনৰ কাম পৌৰ নিগমে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত দেওবাৰে সমাপ্ত কৰাৰ পিছত সোমবাৰৰ পৰা আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ কাম।
![মহানগৰীত দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজেচনৰ কাম আৰম্ভ Guwahati sanitization second phase](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6592972-thumbnail-3x2-g.jpg)
সোমবাৰৰ পৰা মহানগৰীত দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজেচনৰ কাম আৰম্ভ
মহানগৰীত দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজেচনৰ কাম আৰম্ভ
উল্লেখ্য যে, এই পৰ্যন্ত অসমত কৰ'ণা ভাইৰাছত এজনো ব্যক্তি আক্রান্ত হোৱা নাই যদিও চৰকাৰ তথা প্ৰশাসনে ভাইৰাছ বিধ অসমত বিস্তাৰ লাভ কৰাৰ কোনো ধৰণৰ সুযোগ প্ৰদান কৰিব বিচৰা নাই । ৰাজ্য চৰকাৰে ইতিমধ্যে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ বাহিৰৰ পৰা অহা ব্যক্তি সকলক আছুটীয়াকৈ ৰাখিবলৈ আছুটীয়া কক্ষ নিৰ্মাণৰ কৰিছে। সৰুসজাই ষ্টেডিয়ামৰ আছুটীয়া কক্ষত ৰাজ্যৰ বাহিৰৰ পৰা অহা ৭০০ লোকক ৰখা হ'ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক-অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে অপ্ৰত্যাশিত প্ৰস্তুতিৰ প্ৰয়োজন
Last Updated : Mar 30, 2020, 12:39 PM IST