আঠ মিনিটত পাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ! - গুৱাহাটী-উত্তৰ গুৱাহাটী
যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰ খনতো নতুন সংযোজন ঘটিব। এবাৰতে 30 জন যাত্ৰী পাৰ হ'ব পৰা উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে দেশৰ ভিতৰতে দীঘল বুলি উল্লেখ বিভাগীয় কৰ্তৃপক্ষৰ ৷
![আঠ মিনিটত পাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4308112-thumbnail-3x2-kkkksksssss.jpg)
গুৱাহাটী, 1 চেপ্তেম্বৰঃ মহানগৰ তথা উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ ৷ যাতায়ত ব্যৱস্থা সুচল হ'ব গুৱাহাটী উত্তৰ-গুৱাহাটী পথৰ ৷ কিয়নো ইতিমধ্যে 90 শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে গুৱাহাটী উত্তৰ-গুৱাহাটী সংযোগী ৰ'পৱেৰ কাম ৷ গুৱাহাটীৰ পৰা আঠ মিনিটত ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ গুৱাহাটী পাব গৈ ৰ'পৱে যাত্ৰীসকল । যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰ খনতো নতুন সংযোজন ঘটিব । এবাৰতে 30 জন যাত্ৰী পাৰ হ'ব পৰা উত্তৰ গুৱাহাটী সংযোগী ৰপৱে দেশৰ ভিতৰতে দীঘল বুলি উল্লেখ বিভাগীয় কৰ্তৃপক্ষৰ ৷ আনহাতে, 2008 চনতে আৰম্ভ হৈছিল ৰ'পৱেৰ কাম । দুই কিলোমিটাৰ দৈর্ঘৰ এই ৰ'পৱেৰ কাম যাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চুইজাৰলেণ্ডৰ পৰা অভিযন্তা অহাৰ পাচতে মুকলি কৰা হ'ব ৷