অসম

assam

ETV Bharat / state

স্মাৰ্ট চিটিত স্মাট চোৰঃ কেমেৰাৰ সন্মুখত চিলনী চোৰৰ সন্ত্ৰাস

এইবাৰ ডকাইতিৰ স্থান জালুকবাৰী উৰণীয়া। শুকুৰবাৰে বাইকৰে অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন।

By

Published : Sep 14, 2019, 4:42 AM IST

Updated : Sep 14, 2019, 9:31 AM IST

স্মাৰ্ট চিটিত স্মাট চোৰঃ কেমেৰাৰ সমুখত চিলনী চোৰৰ সন্ত্ৰাস

গুৱাহাটী, 14 চেপ্তেম্বৰঃ মহানগৰীত আৰক্ষীৰ নিৰাপত্তাক অংগুষ্ঠ প্ৰদৰ্শন কৰি প্ৰতিদিনেই সংঘটিত হৈছে ডকাইতি কাণ্ড ৷ এইবাৰ ডকাইতিৰ স্থান জালুকবাৰী উৰণীয়া সেঁতু। শুকুৰবাৰে বাইকৰে অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন। ৰুণু কলিতা আৰু ৰুমি দাস নামৰ মহিলা দুগৰাকী জালুকবাৰীত ৰৈ থকা অৱস্থাতে দুই দুৰ্বৃত্তই সোণৰ চেইন কাঢ়ি পলায়ন কৰে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।

স্মাৰ্ট চিটিত স্মাট চোৰঃ কেমেৰাৰ সমুখত চিলনী চোৰৰ সন্ত্ৰাস
Last Updated : Sep 14, 2019, 9:31 AM IST

ABOUT THE AUTHOR

...view details