গুৱাহাটী, 8 জুন :দেশত চলি আছে আনলক-১। এই সময়চোৱাত বিভিন্ন ক্ষেত্ৰত দিয়া হৈছে শিথিলতা। 75 দিনৰ অন্তত আজিৰে পৰা চৰ্তসাপেক্ষে মুকলি কৰা হৈছে ধৰ্মীয় উপাসনাস্থলীসমূহ। চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভক্তৰ বাবে মুকলি কৰা হৈছে মহানগৰীৰ মন্দিৰ,মছজিদ,গুৰুদ্বাৰ । সোমবাৰে পুৱাই সাধাৰণ ৰাইজৰ বাবে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰ ধাম পুৱাই মুকলি কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। চৰকাৰৰ সকলো নীতি নিৰ্দেশনা মানি লংকেশ্বৰ ধাম পৰিচালনা সমিতিয়ে মন্দিৰ চৌহদ চেনিটাইজ কৰি আৰম্ভ কৰে পূজা-অৰ্চনা।
মাস্ক পৰিধান নকৰা ভক্তৰ প্ৰৱেশ নিষেধ কৰাৰ উপৰিও ভক্তসকলৰ নাম ঠিকনা আদি পঞ্জীয়নৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । ইফালে জালুকবাৰীৰ ১নং জামে মছজিদও ৰাইজৰ বাবে মুকলি কৰা হৈছে। চৰকাৰী নীতি-নিয়ম অনুসৰি নামাজ আদায় কৰাৰ ব্যৱস্থা কৰিছে মছজিদ পৰিচালনা সমিতিয়ে। মছজিদ খোলাৰ পূৰ্বে চেনিটাইজ কৰি বীজাণুমুক্ত কৰিছে জালুকবাৰীৰ এই মছজিদটো। লগতে লোকসকলক ঘৰতে অজু কৰি কেৱল নামাজ আদায়ৰ বাবেহে আহিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে।