গুৱাহাটী,23 ফেব্ৰুৱাৰী : মহানগৰীত বন্ধ কৰা হ'ল ৰেপিড' । ৰেপিড' বন্ধ কৰাৰ পিছত শলঠেকত পৰিছে ৰেপিড' চালক সকল । কাৰণ ঋণ লৈ বহু চালকে ৰেপিড'ৰ যাতায়ত ব্যৱস্থা বাবে বাহন কিনিছিল। কিন্তু ঋণ শেষ নোহোৱাৰ পূৰ্বে পৰিবহন বিভাগৰ ৰেপিড' বন্ধ কৰাত ক্ষুন্ন হৈ পৰিছে ৰেপিড' চালকসকল আৰু তাৰ পিছতে ৰেপিড' বন্ধ কৰাক লৈ প্ৰতিবাদৰ বাবে ওলাই আহিল গুৱাহাটীৰ ৰেপিড' বাইক চালক সকল ।
প্ৰায় ১৭ হাজাৰ ৰেপিড' বাইক চালকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ আশংকাত দেওবাৰে চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত চালক সকলে এনেদৰে প্ৰতিবাদত নামি পৰে । পৰিবহন বিভাগৰ পৰা জানিব পৰা অনুসৰি পৰিবহণ বিভাগ, প্ৰশাসনৰ অনুমতি অবিহনে চলি আছিল ৰেপিড' সেৱা আৰু তাৰ কাৰণে ৰেপিড’ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ নিগমে ।
পৰিবহণ নিগমৰ এই সিদ্ধান্তৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে ৰেপিড' চালকসকল । চালকসকলে কয় যে, প্ৰতিটো ভাড়াৰ বিনিময়ত জিএছটি দি আহিছে তেওঁলোকে । তেওঁলোকৰ মতে যদি অনুজ্ঞা পত্ৰ নাই তেন্তে চৰকাৰে জিএছটি কিয় লৈ আছিল ? মহানগৰ পৰিবহণ বিভাগে জাৰি কৰা নতুন নিৰ্দেশনাৰ পিছতে এতিয়া বিপাঙত পৰিছে চালকসকলৰ লগতে বিপাঙত পৰিছে আৰোহীসকলো । ৰেপিড' ব্যৱস্থাৰ বাবে বহু সুবিধা হৈছিল মহানগৰবাসীৰ ।