গুৱাহাটী, 22 নৱেম্বৰ: ক্লুলেছ অসম আৰক্ষী ৷ কি কৰি আছে গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে (Guwahati Ranjit murder case) ? 24 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো স্মাৰ্ট আৰক্ষীয়ে ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই (Even after 24 hours the killers clue has not come out)। মাথো ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত সোমবাৰে নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰিছিল দুজন সন্দেহযুক্ত লোকক ৷
এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰাই আটক কৰা হৈছিল দুয়োজন যুৱকক (Two arrested related to Ranjit murder)। নিশাৰে পৰা সোধা-পোছা চলি আছি আটকাধীন দুই যুৱকৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে বহু ক্লু লাভ কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে যদিও হত্যাকাৰীক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে সোমবাৰে মহানগৰীৰ মাজমজিয়াৰ পাঞ্জাবাৰীত দিন দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক। বাইকত অহা দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গাড়ীৰ ভিতৰতে গুলীয়াই থৈ গৈছিল ৰঞ্জিত বৰাক। দুজনীয়া দুৰ্বৃত্তই ৰঞ্জিত বৰাক গুলীয়াই তেওঁৰ হাতত থকা টকাৰ বেগটো লৈ অনায়াসে আঁতৰি গৈছিল। হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হৈছিল ৰঞ্জিত বৰাৰ ।